পাঞ্জাবাৰীত ভঠেলি উৎসৱ উদ্‌যাপন

পাঞ্জাবাৰীত ভঠেলি উৎসৱ উদ্‌যাপন

ৰঙিলী বাৰ্ত্তাসেৱা-  ঐতিহ্য অসম আৰু অষ্টম বার্ষিকী বতাহঘূলি ভঠেলি উৎসৱ উদ্‌যাপন সমিতিৰ উদ্যোগত বতাহঘূলি ভঠেলি খোলাত দিনেকীয়া ভাৱে নামনি অসমৰ কৃষিভিত্তিক লোক উৎসৱ ভঠেলি উৎসৱ পালন কৰা হয়। ৰঙ বিৰঙী কাপোৰেৰে মেৰিয়াই, বিহুৱান আৰু চোৱাৰ গাঠি সু সজ্জিত  বাঁহৰ দৰা কইনা( পাৰ’)লৈ কৰা শোভাযাত্ৰা উদ্বোধন কৰে কার্যকৰী সভাপতি কনক কলিতাই। পাৰ’ উত্তোলন কৰে সভাপতি দীনেশ পাঠকে।খিচা গীত প্রতিযোগিতা উদ্বোধন কৰে কণ্ঠ শিল্পী ড° অনিমা চৌধুৰীয়ে আৰু বিচাৰকৰ আসনত থাকে ড° নীলিমা দত্ত, ৰশ্মি ৰেখা তালুকদাৰ, ইৰা ৰাণী দাস  আৰু মিনতি গোস্বামীয়ে। প্রথম পুৰস্কাৰ  ৮০০০ টকা লাভ কৰে ময়না নাথৰ দল, ২য় পুৰস্কাৰ ৫০০০ লাভ কৰে দিপালী  বর্মনৰ দলে আৰু ৩য় পুৰস্কাৰ ৩০০০ টকা লাভ কৰে পদ্ম ভূঞাৰ দলে। তেল গাজ প্রতিযোগিতাত জয়লাভ কৰি ১০০০ টকা লাভ কৰ সত্যজিৎ বড়োৱে। আবেলি কামৰূপীয়া ঢুলীয়া কৃষ্টিৰ শ্ৰেষ্ঠ  ভাইৰা ,নলবাৰী ৰৌমাৰী গোপাল সেৱক দলৰ ভয়নুৰ আলী পৰিৱেশিত ঢুলীয়া উদ্বোধন কৰে নলবাৰী কলেজৰ প্ৰাক্তন অধ্যক্ষ ত্রলৈক্য শালৈয়ে। সামগ্ৰিকভাৱে ভঠেলি উৎসৱৰ কাৰ্যসূচীবোৰ আগধৰে ঐতিহ্য অসমৰ সম্পাদক ধীৰেন ভৰ৷লীয়ে।