ৰবীন্দ্ৰ জাদেজা বাকী থকা আই পি এল ২০২২ খেলৰ পৰা বাহিৰ
ৰঙিলী বাৰ্ত্তসেৱা- চেন্নাই চুপাৰ কিংছ (চিএছকে)ৰ অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা আই পি এল ২০২২ ৰ বাকী থকা খেলসমূহৰ পৰা বাহিৰ । ৪ মে’ত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ (আৰচিবি) বিৰুদ্ধে চিএছকেৰ খেলৰ সময়ত তেওঁ আঘাতপ্ৰাপ্ত হৈছিল। জাদেজাই ১১৬ ৰাণ সংগ্ৰহ কৰিছিল আৰু ১০ খন আই পি এল ২০২২ খেলত পাঁচটা উইকেট লৈছিল।