বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ ৭০ কিলোগ্ৰাম শাখাৰ প্ৰতিযোগিতাখনত লাভলিনা বৰগোহাঁইৰ জয়ৰ

pc NDTV Sports

বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ ৭০ কিলোগ্ৰাম শাখাৰ প্ৰতিযোগিতাখনত লাভলিনা বৰগোহাঁইৰ জয়ৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰতীয় বক্সাৰ লাভলিনা বৰগোহাঁই এক ৰোমাঞ্চকৰ জয় লাভ কৰি ইস্তাম্বুলত অনুষ্ঠিত দ্বাদশ আইবিএ(IBA) মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত তেওঁৰ অভিযান আৰম্ভ কৰে। ২৪ বছৰীয়া বক্সাৰগৰাকীয়ে ৭০ কিলোগ্ৰাম শাখাৰ প্ৰতিযোগিতাখনত চীনা টাইপেই বক্সাৰ তথা প্ৰাক্তন বিশ্ব চেম্পিয়ন চেন নিন-চিনক ৩-২ ব্যৱধানত পৰাস্ত কৰে। লক্ষণীয়ভাৱে, লাভলিনাই এতিয়া শুকুৰবাৰে ‘ৰাউণ্ড অফ ১৬’ খেলখনত ইংলেণ্ডৰ চিণ্ডি নগাম্বাৰ লগত হ’ব।