পদপথৰ আলহী-হিমাদ্ৰী বৰকটকী

পদপথৰ আলহী

তোমাৰ দৰে মই ও আজি পদপথৰ আলহী
জাত , পাত , উচ্চ , নীচ , জাতি ধৰ্ম
মোৰ আজি একো নাই
নালাগে মোক অট্টালিকা
নালাগে মোক সোনৰ পালেং
ভগৱানে দিয়া হাত দুটাই
এতিয়া মোৰ সম্বল
এসাঁজ ভাত আৰু এটা চোলাৰ
তাগিদাত জীৱন সংগ্ৰাম
জ্বলি-পুৰি থকা একোটা পেট
আৰু ভোক পিয়াঁহৰ সতে যুঁজ
আজি কালি মোৰ ৰাতিৰ ঠিকনা
মন্দিৰ , মছজিদ , গীৰ্জা
গুৰুদ্বাৰ অথবা পদপথ
বতাহ , বৰষুণ , শীতকো নেওচি
পৰি ৰওঁ মুক্ত আকাশৰ তলত অলসতাৰে
মিতিৰালি পাতিছো বাটৰ ভতুৱা কুকুৰবোৰ
নাই আজি মোৰ উচ্চাকাংক্ষা
নাই আজি মোৰ উচ্চাভিলাষ
হে সৰ্বশক্তিমান ঈশ্বৰ
আমাৰ এই দুৰৱস্থাৰ ছবিখন দেখি
তোমাৰ বাৰু সেমেকি
উঠা নাই নেকি চকুহাল
উপলব্ধি কৰিব পাৰিছানে তুমি
মই ও যে আজি তেওঁলোকৰ দৰে
পদপথৰ আলহী…

( পদপথৰ আলহী সকলক বাবে কবিতাটো উচৰ্গা কৰিলোঁ )

হিমাদ্ৰী বৰকটকী
শিৱনগৰ , ২নং উপপথ
নগাঁও