বতাহ-নিতিষ্মান দাস

PC-Earth Eclipse

বতাহ

গৰম দিনত দেহে পাইছে গৰম উশাহ,

খুলিলেই খিৰিকী বয় শীতল বতাহ।

 পথাৰৰ মাজতে, শুকান বনতে,

 শীতল বতাহ বয় মোৰ প্ৰাণে প্রাণে।

 এই ৰত্নয়ে প্রকৃতিক যেন কৰে শুভাঞ্জনা,

প্ৰতিটো উশাহে জীৱনৰ কৰে শুভকামনা।

জনমে জনমে কেৱল উশাহৰ প্ৰাণ,

বতাহ বলিলেই পথাৰত নাচি থাকে ধান।

বতাহ হৈছে ঈশ্বৰৰ বহুমূলীয়া উপহাৰ,

বতাহ’ক প্ৰদূষিত কৰাৰ কাৰ আছে অধিকাৰ,

ধিক্কাৰ এই স্বাৰ্থী নৱপ্ৰজন্মৰ,

সৃষ্টি কৰিছে এটা নুবুজা সাঁথৰ।

নদীৰ পাৰত তুমি জোৰ জোৰ কৈ বোৱা,

ধৰাখনিৰ চাৰিওফালে ঘূৰি ফুৰি থকা।

যাযাবৰৰ দৰে তুমি দেশ ভ্ৰমণ কৰা,

বলিয়াকৈ ব’লে তুমি, লৈ আনা ফাগুনৰ বতৰা।

ৰং নাই, আকাৰ নাই, চকুৰে নেদেখা,

তোমাৰ সহায়ত সকলোৱে উৰাই চিলা।

স্থলবতাহ হোৱা তুমি ভূমিত বলিলে,

জলবতাহ হোৱা তুমি সাগৰত ফুৰিলে।

বিৰিখৰ পাত তোমাৰ সৈতে নাচি-বাগি থাকে,

মেঘেও ভ্ৰমণ কৰে তোমাৰ সৈতে।।

পুলকিত হয় প্রাণ, তুমি বলিলে,

গৰমত লাগে আনন্দ তুমি আহিলে।

উগ্র হলে তুমি লৈ আনা ধুমুহা,

উদাহৰণ স্বৰূপ বৰদৈচিলা।

তোমাৰ নাই ভেদ ভাৱ আৰু অহংকাৰী মন,

সচাকৈ আমিহে মূৰ্খ, এদিন হ’ব আমাৰ পতন।

তুমি হয় ধৰাৰ এটি বহুমূলীয়া ৰতন,

সকলোৰে জীৱন তোমাৰ হাতত, তুমিয়েই পৱন।

-নিতিষ্মান দাস

সপ্তম শ্রেণী