জাতীয় শিক্ষানীতিৰ বিৰুদ্ধে ‘চৰকাৰী শিক্ষা বচাও দিৱস’ পালন

জাতীয় শিক্ষানীতিৰ বিৰুদ্ধে ‘চৰকাৰী শিক্ষা বচাও দিৱস’ পালন

ৰঙিলী বাৰ্ত্তাসেৱা-  জাতীয় শিক্ষানীতি’২০২০  কাৰ্যকৰী কৰি ৰাজহুৱা শিক্ষা ব্যৱস্থা ধ্বংস কৰাৰ যোগেদি শিক্ষাৰ ব্যৱসায়ীকৰণৰ প্ৰক্ৰিয়া তীব্ৰতৰ কৰাৰ বিৰুদ্ধে অল ইণ্ডিয়া  ডি এছ অ’ৰ অসম ৰাজ্যিক কমিটীৰ আহ্বানত ৰাজ্যব্যাপী ‘ চৰকাৰী শিক্ষা বচাওঁ দিৱস পালন কৰা হয়।গুৱাহাটী , শিলচৰ , মঙ্গলদৈ , নলবাৰী , কৰিমগঞ্জ ,  তেজপুৰ , নগাঁও , ধুবুৰী , গোৱালপাৰা , উত্তৰ লক্ষীমপুৰ , মাজুলী সহ ৰাজ্যৰ বিভিন্ন ঠাইত ছাত্ৰ ছাত্ৰীসকলে সমবেত হৈ ধৰ্ণা,বিক্ষোভ আদি কাৰ্যসূচী ৰূপায়ন কৰে।  দিনৰ ১০ বজাত গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ৰ সন্মুখত প্ৰতিবাদী ছাত্ৰ ছাত্ৰীসকলে সমবেত হৈ ’জাতীয় শিক্ষানীতি-২০২০ কাৰ্যকৰী কৰি ৰাজহুৱা শিক্ষা ব্যৱস্থাক ধ্বংস কৰাৰ চক্ৰান্ত বন্ধ কৰক , ২০ এপ্ৰিল ৰাজ্যজুৰি চৰকাৰী শিক্ষা বচাওঁক দিৱস পালন কৰক,ৰাজহুৱা শিক্ষা ব্যৱস্থাক ধ্বংস কৰি দুখীয়া ঘৰৰ ছাত্ৰ ছাত্ৰীৰ শিক্ষাৰ সুযোগ কাঢ়ি লোৱা নচলিব,অষ্টম শ্ৰেণীলৈকে পাছ – ফেল প্ৰথা পুনৰ প্ৰৱৰ্তন আৰু পৰ্যাপ্ত শিক্ষক নিয়োগ কৰি ৰাজহুৱা শিক্ষাৰ মান উন্নত কৰক ,ৰাজহুৱা শিক্ষা ব্যৱস্থা ৰক্ষাৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰক,ৰাজহুৱা শিক্ষাৰ আন্তগাঁথনি উন্নত কৰাৰ ব্যৱস্থা কৰক , শিক্ষকসকলক অনা শৈক্ষিক কামত নিয়োগ কৰা বন্ধ কৰক’ আদি শ্ল’গানেৰে ৰাজপথ উত্তাল কৰি তোলে।গুৱাহাটীৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি অল ইণ্ডিয়া ডি এছ অ’ৰ ৰাজ্যিক সভাপতি প্ৰজ্জ্বল দেৱে কয় যে শিক্ষাৰ ব্যৱসায়ীকৰণৰ স্বাৰ্থত কংগ্ৰেছ চৰকাৰে চৰকাৰী শিক্ষা ধ্বংস কৰাৰ বাবে সৰ্বশিক্ষা অভিযান আৰম্ভ কৰাৰ লগতে শিক্ষাৰ অধিকাৰ আইন প্ৰৰ্বতন কৰি অষ্টম শ্ৰেণীলৈকে পাছ ফেইল প্ৰথা উঠাই দিছিল । তদুপৰি শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত কোনো গুৰুত্ব  দিয়া নাছিল ।পৰৱৰ্তী সময়ত বিজেপি চৰকাৰ ক্ষমতাসীন হৈ একেটাই নীতি কাৰ্যকৰী কৰি আছে । এতিয়াও বহু বিদ্যালয়ত শিক্ষকৰ অভাৱত পাঠদান মাৰাত্মকভাৱে ব্যাহত হৈ আছে।তাৰোপৰি বৰ্তমান বিজেপি চৰকাৰে জাতীয় শিক্ষানীতি ,২০২০ কাৰ্যকৰী কৰি প্ৰাক প্ৰাথমিকৰ পৰা ২ য় শ্ৰেণীলৈকে পাঠদানৰ দায়িত্ব অংগনবাড়ী কেন্দ্ৰৰ অপ্ৰশিক্ষিত কৰ্মীসকলৰ হাতত গতাই দিয়াৰ যোগেদি আৰু স্কুলসমূহৰ ক্লোজাৰ আৰু মাৰ্জাৰ ( একত্ৰিকৰণৰ ) প্ৰক্ৰিয়াৰ যোগেদি  ৰাজহুৱা শিক্ষা ব্যৱস্থাৰ ধ্বংস সাধন কৰিব ওলাইছে । বৰ্তমান মুখ্যমন্ত্ৰী ১৫ বছৰ কাল ধৰি শিক্ষা মন্ত্ৰী হৈ থকা অৱস্থাতেই ৰাজহুৱা শিক্ষাৰ মানৰ এই অভাৱনীয় অৱনমন ঘটিছে  আৰু এতিয়া মুখ্যমন্ত্ৰী হিচাবে শিক্ষাৰ ব্যৱসায়ীকৰণৰ কাম ক্ষিপ্ৰ কৰাৰ স্বাৰ্থত জাতীয় শিক্ষা নীতি ,২০২০ প্ৰৰ্বতন কৰিবলৈ উঠিপৰি লাগিছে । শিক্ষাৰ মান ৰক্ষাৰ মূল দায়িত্ব চৰকাৰৰ অথচ তাক আৰু কৰিবলৈ ৰাজহুৱা শিক্ষাৰ সৰ্বনাশৰ সকলো দায় দায়িত্ব শিক্ষকসকলৰ ওপৰত জাপি দিব বিচাৰিছে৷