মাছলেণ্টিছা- পুলিন ডেকা

pc- istockphoto

মাছলেণ্টিছা

পুলিন ডেকা

হঠাৎ এক বিকট শব্দই চৌপাশে কপাঁই গ’ল । ভয়ংকৰ বিস্ফোৰণ । কাৰোবাৰ কাতৰ যন্ত্ৰণা ভাহি আহিছে । ওলোগা কৰোলাভাই খিৰিকীখন খুলি দেখে সুদূৰত ধোৱাঁৰে আচ্ছন্ন হৈ পৰিছে এলেকাটো । যেন শীতাৰ্ত ধুৱঁলী–কুৱঁলী । খন্তেক আগতে বিধবস্ত হৈ পৰা টিভিৰ টাৱাৰটোৰ পৰা নিগৰিত হৈ আছে অগ্নিশিখা । কেইটামান কুকুৰে আতংকিত হৈ বৃহৎ গছজোপাৰ তলত নিৰৱে বহি ৰৈছে । জনশূণ্য় ৰাজপথ । বাট–পথত পৰি ৰৈছে ধ্বংসাৱশেষ। বোমা বৰ্ষণৰ সয়িষ্ণু ৰূপ । বিধ্বস্ত ৰাজপথেৰে কেইবাখনো কামান কঢ়িয়াই নিয়া গাড়ী পাৰ হৈ গৈছে ।
হঠাৎ ওলাগাই দেখে কেইবাখনো যুদ্ধ বিমানে বিকট শব্দ কৰি পাৰ হৈ গৈছে । ‘ শত্ৰু আহিছে । ‘ –– তাই চিঞৰি উঠে । ৰাজপথেৰে গৈ থকা কামান কঢ়িওৱা গড়ী কেইখন ৰৈ গ’ল । কেইবাজনো সৈন্য় নামি আহি অঞ্চলটো পৰ্যবেক্ষণ কৰিবলৈ ধৰে । হঠাৎ সেনাৰ কমাণ্ডাৰজনে আকাশলৈ হাতখন দেখুৱাই দি কৈ উঠে –– ‘ ফায়াৰ, ফায়াৰ ’ ।
নিমিষতে কামানৰ শব্দত ৰজনজনাই উঠে অঞ্চলটো । শত্ৰু পক্ষৰ বিধ্বস্ত বিমানৰ অগ্নিশিখা নামি আহিছে তললৈ। ওলোগা নিশ্চিত হ’ল বিমানখন ধ্বংস হৈছে । এটা গৌৰৱৰ অপমৃত্যু হ’ল । তাইৰ মুখমণ্ডলত আত্মবিভোৰতাৰ প্ৰতিচ্ছবি । নিজৰ দেশৰ সেনাৰ সাহস দেখি তাই ছেল্যুট এটা মাৰিলে। বহু সময় ধৰি তাই একেথিৰে চাই ৰ’ল আকাশলৈ । খন্তেক সময় নীৰৱে থকাৰ পিচত সৈন্যকেইজনে পুনৰ আক্ৰমণ চলালে । এইবাৰ লক্ষ্যভ্ৰষ্ট হ’ল । তাই খিৰিকীখনত জোৰেৰে হাতখনেৰে হেচি ধৰিলে ।
যোৱা চাৰিদিন ধৰি খাৰচন চহৰত নিৰৱচ্ছিন্নভাৱে আক্ৰমণ চলিলে । প্ৰাত্য়হিক বোমা–বাৰুদৰ শব্দত ভয়াৰ্ত্ত হৈ পৰিছে । টিভিৰ পৰ্দাত প্ৰতিনিয়ত আক্ৰমণ–প্ৰত্যাক্ৰমণৰ সংবাদ । শত্ৰুপক্ষই বহুমূলীয়া ৰাজহুৱা সম্পতিবোৰৰ ওপৰত বোমা পেলাইছে । নিমিষতে ধ্বংস হৈ পৰিছে কেইবামহলীয়া অট্টালিকা । কালি চহৰৰ অতি ব্যস্ত এলেকাত বোমা পেলাই কেইবাজনো নিৰীহ লোকক হত্য়া কৰাৰ পিচতে ওলাগা অধিক ক্ষুব্ধ হৈ পৰিছে ।
কালি ওলাগাৰ বান্ধৱী ভিটালী ক্লিটস্কে ফোন কৰি জনাই দিছিল যে সিহঁতৰ মৃত্যু হয়তো অৱধাৱিত হৈ পৰিছে । বিমান বন্দৰ আক্ৰমণৰ লক্ষ্য হিচাপে লৈছে শত্ৰু বাহিনীয়ে ।
বিমান বন্দৰৰ পৰা তিনি কিলমিটাৰ আঁতৰত তিনি বছৰ পূৰ্বে ভিটালী স্বামী মলাস্কী ক্লিটস্কে বেংকৰ পৰা ঋণ লৈ অট্টালিকা সাজিছে । তাইৰ স্বামী এজন সাধাৰণ ব্যৱসায়ী । তাইৰ এদিন এটা সপোন আছিল–– নিজা ঘৰ এখন সজাৰ । সপোণ সাৰ্থক হোৱাৰ পিচত তাই চৌপাশে ফুলনি বাগিচা এখন সাজিছিল। তাই ঘৰটো চাবলৈ মাতিছে মাছলেণ্টিছা উৎসৱৰ সময়ত । ওলাগাই তাইক জনাই দিছিল যে এইবাৰ মাছলেণ্টিছাৰ সময়ছোৱাত দুদিন তাইৰ সৈতে কটাব । কেক , পিঠাপনা বনাই অনন্য় ৰূপত পালন কৰিব উৎসৱটি । হঠৎ যেন পট পৰিৱৰ্তন । উৎসৱৰ সময়ত যুদ্ধৰ ধ্বনি বাজি উঠিছে ।
কালি মাজনিশা ভিটালীয়ে কৈছিল ––‘ বোমা যদি বিমান বন্দৰত নপৰি আমাৰ ঘৰত পৰে । জীয়াই থকিব পাৰিম জানো ?’
‘এইবোৰ কথা বেছিকৈ ভাবিব নালাগে । ৰক্তপিপাসুহঁতে নিখুঁতভাৱেই বিমান বন্দৰত ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিব ।’
‘নহয় অ’ । কৃষ্ণ সাগৰৰ পাৰত সিহঁতে খোপনি পুতিব পাৰিলে এখনৰ পিচত এখন চহৰ দখল কৰিব পাৰিব । সিহঁতৰ লক্ষ্য এতিয়া কিয়েভ । তাৰ বাবে যিকোনো কামেই কৰিব পাৰে । দুদিনৰ পৰা আক্ৰমণ তীব্ৰতৰ কৰি তুলিছে ।’
চৌপাশৰ পৰা সিহঁতে আক্ৰমণ চলাইছে । আমিও হাৰ মনা জাতি নহয় । এই বিপদৰ সময়ত আমিও আমাৰ সেনাক সাহস যোগাব লাগিব । ভাগি পৰিলে কেনেকৈ হ’ব ।
তুমি দেখা নাই । ইয়ালৈ সাংবাদিক আহিব পৰা নাই বাবে প্ৰকৃত ছবিখন মানুহে বুজি উঠা নাই । কোনো মানুহে বাহিৰলৈ ওলাব পৰা নাই । পুৱাই দোকান খোলে । তাতো দীঘলীয়া শাৰী ।এই কেইদিন ব্ৰেড,চকলেট,খাই জীয়াই আছো । বিদ্য়ুত সংযোগ বিচ্ছিন্ন । পানী যোগান বন্ধ । নিশা বৰফৰ টুকুৰাবোৰ সংগ্ৰহ কৰি বাল্টিত ভৰাই থৈ পানী কৰিছো আৰু তাকেই খাইছো । ’
‘আমাৰ ইয়াতো একেই অৱস্থা । পোহৰ হ’লে নামে আহে বিভীষিকা। গুলী–বাৰুদ, বোমাৰ শব্দই জীৱণ হৈ পৰিছে । মই কিন্তু সাহসী হ’বলৈ শিকিছো ।ঘৰত থকা বন্দুকটো লৈ অণুশীলন আৰম্ভ কৰিছো । প্ৰয়োজন হ’লে ৰণক্ষেত্ৰলৈ যাম । শত্ৰুক হত্য়া কৰিবলৈ কুণ্ঠাবোধ নকৰো ।
‘মোৰ ভয় লাগিছে । ভলন’ভাখা মহানগৰীৰ লৈ মলাস্কি যোৱাৰ পিচৰে পৰা কণমাণি ছোৱালীজনীক অকলে লৈ আছো । কি ভয়ংকৰ যন্ত্ৰণা ।
‘মলাস্কিৰ খবৰ লৈছা নে নাই ?’
‘তেওঁ হিউমেনিটেৰিয়াম কৰিড’ৰেৰে ওলাই গৈ এতিয়া নিৰাপদে আছে । কিন্তু মানুহজনে আমাক লৈ ভীষণভাৱে উদ্বিগ্ন হৈ পৰিছে । ভিডিঅ’ কলিং কৰি খবৰ লৈছে । হয়ো শেষবাৰৰ বাবে তেওঁ আমাক দেখিছে । …..ৰ’চোন ৰ’ । বাহিৰত অবিৰাম গতিত গোলাবৰ্ষণ হৈছে ।ছোৱালীজনীক লৈ বাংকাৰত আশ্ৰয় লওঁ । ’––ভিটালীয়ে ম’বাইলৰ ফোনত সংযোগ বিচ্ছিন্ন কৰি দিছিল ।
শত্ৰু পক্ষৰ সেনাৰ লক্ষ্যভ্ৰষ্ট বোমা বিমান বন্দৰত নপৰিল । কেইবাটাও বোমৰ ভয়ংকৰ আক্ৰমণত বিমান বন্দৰৰ সমীপৰ অট্টালিকাবোৰ এটা এটাকৈ বাগৰি পৰিল । চৌপাশে চিঞৰ ,ৰক্তাক্ত পৰিবেশ । নিজ দেশৰ সেনাই ছত্ৰভংগ দিবলৈ বাধ‘ হৈ পৰিছিল । চহৰৰ মেয়ৰে আগ্ৰসী সেনা বাহিনীৰ নিৰ্দেশ মানিবলৈ জনসাধাৰণক আহ্বান জনাইছে যাতে নিৰপৰাধী জনসাধাৰণে চহৰ পৰিত্যাগ কৰিব পাৰে ।
‘চহৰখনৰ জনসাধাৰণক নিৰাপদ স্থানলৈ যোৱাৰ সুবিধা দিবলৈ আন্তঃৰাষ্ট্ৰীয় আহ্বান উপেক্ষা কৰাৰ বাবে বহু নিৰপৰাধীৰ মৃত্যু হ’ল । আলোচনা  আক্ৰমণ সমান্তৰালভাৱে চলাবলৈ সাহস পালে কেনেকৈ ?ভিটালী আৰু তাইৰ কন্যাৰ মৃত্যুৰ বাবে সিহঁত দায়ী ?––ওলাগোৱে স্বগতোক্তি কৰি উঠে ।
ফিৰফিৰীয়া বতাহজাকে সৰ্বশৰীৰ কঁপাই তোলে । তাই খিৰিকীখন বন্ধ কৰি দিয়ে ।চহৰখনৰ চৌপাশে এইকেইদিন নিশাৰ ভাগত প্ৰচণ্ড বৰফ পৰিছে। নিশা বৰফৰ শীতলতাৰ বাবে আৰু দিনত শত্ৰু পক্ষৰ আক্ৰমণত বিধ্বস্ত হৈ পৰিছে জনজীৱন ।
হঠাৎ ওলাগাৰ ম’বাইল ফোন বাজি উঠে ।ছাৰ্গেৰ ফোন ।ওলাগাৰ স্বামী ছাৰ্গে সেনা বাহিনীৰ কামাণ্ডাৰ । যোৱা কেইবাদিনো ধৰি শত্ৰু বাহিনীৰ বিৰুদ্ধে মাৰিঅ’পুলত ছাৰ্গেই প্ৰবল প্ৰতিৰোধ গঢ়ি তুলিছে।
হেল্ল’ ।–––ছাৰ্গেৰ কমাণ্ডিং সুৰ ।
‘ তাত অৱস্থা এতিয়া কেনেকুৱা ?’––ওলাগাই স্বাভাৱিকতে সুধিলে ।
‘শত্ৰু পক্ষৰ সেনাৰ বিৰুদ্ধে আমি তীব্ৰ প্ৰতিৰোধ গঢ়ি তুলিছো । এই তিনি দিনত সিহঁতৰ চাৰিশৰো অধিক সেনাৰ মৃত্যু হৈছে। ইচ্ছা কৰিলে আমি ৰাস্তাত মাইন পুতি থ’ব পাৰিলোহেঁতেন । তেনে কাম আমি নকৰো। বীৰৰ দৰে যুঁজিছো । ’
‘ আমাৰ সেনাৰ জানো মৃত্যু হোৱা নাই ?’
‘যুদ্ধত মৃত্যু থাকিবই । আমাৰো কিছু সৈন্যৰ মৃত্যু হৈছে। কিন্তু শত্ৰুৰ বিৰুদ্ধে আমি সৰ্বশক্তিৰে যুঁজ দি আছো । কালি আমি এক ভয়ংকৰ যুঁজ দিম ।আগ্ৰসী সেনাৰ ওপৰত মিচাইলেৰে আক্ৰমণ চলাম । নেতৃত্ব মোৰ ওপৰতে অৰ্পিত হৈছে।’
ভিটালীয়ে প্ৰসমগটো সলনি কৰি ক’লে ––‘শক্ৰ পক্ষৰ আক্ৰমণত ভিটালী আৰু কণমানি ছোৱালীজনীৰ মৃত্যু হৈছে ।’
খন্তেক সময় ছাৰ্গে মৌন হৈ থাকিল । মৌনতা ভংগ কৰিবলৈ ওলাগাই ক’লে––‘তাইৰ সৈতে যেন মাতলেণ্টিছ উৎসৱটো একেলগে কটোৱাৰ কথা আছিল । সেয়া সম্ভৱ হৈ নুথিল । এখন যুদ্ধই সকলো শেষ কৰি দিলে ।’
‘এই কেইদিন এনে বহু মৃত্যু দেখিছো ।দুখ লাগিছে । কিন্তু এই সময়ত মৃত্যু জিনি দেশক ৰক্ষা কৰাটো কৰ্তব্য আৰু দ্বায়িত্ব হৈ পৰিছে। ’বুলি কৈয়ে ছাৰ্গেৰ ম’বাইল ফোনৰ সমযোগ বিচ্ছিন্নি কৰি দিয়ে ।
ওলাগাই চুলিখিনি ভালকৈ বান্ধি ল’লে । লাহে লাহে তাই বন্দুকটো হাতত তুলি ল’লে ।শীতোষ্ণ হাতখনলৈ যেন এক উত্তাপ প্ৰবাহিত হৈ পৰে। তাই ঘৰৰ সমীপৰ পাহাৰখনলৈ গৈ যোৱা চাৰিদিন বন্দুকটো লৈ গৈ অনুশীলন কৰিছে । তাইৰ সেই বন্দুকৰ শব্দ ক’ৰবাত যেন প্ৰতি আক্ৰমণৰ সোঁতত বিলীন হৈ যায় ।
তাই ঘৰৰ বাহিৰলৈ ওলাই আহি দেখে আন এখন বিমান ভূপতিত হৈ পৰিছে ।জুই আৰু ধোঁৱৰ কুণ্ডলীয়ে আৱৰি ধৰিছে আকাশ । তাই জঁপিয়াই উঠে শত্ৰু পক্ষৰ আন এখন বিমান ধ্বংস হোৱা দেখি । হাতত থকা বন্দুকটো লৈ তাই আকাশলৈ দুই জাঁই গুলী চলালে ।
আজি তাই পাহাৰলৈ নগ’ল । ক্ষিপ্ৰ গতিত ৰাস্তালৈ ওলাই আহিল । যোৱাচাৰিদিনেই তাই ৰাজপথলৈ অহা নাই । খুউব মুকলি মুকলি লাগিল । কেইবাজনো দেশীয় সৈন্য দৌৰী গৈছে । তাৰ পিচত সিহঁতে পাহাৰখন বগাবলৈ আৰম্ভ কৰিলে । এটা সময়ত বৃহৎ শিল দুটাৰ পিচফালে অৱস্থান লৈ গুলিয়াবৈ আৰম্ভ কৰিলে । ওলাগাই বুজি উঠিল যে বিপৰীত পক্ষৰ সৈন্য আগুৱাই অহিছে। হয়তো খন্তেক সময়ৰ পিচত কাৰোবাৰ নিথৰ দেহ পৰি ৰ’ব পাহাৰৰ দাঁতিত ।
তাই বন্দুকটো লৈ ঊৰ্ধ্বশ্বাসে পাহাৰখনৰ ফালে দৌৰিবলৈ আৰম্ভ কৰিলে ।