অল ইন্দিয়া বেংক এম্প্লইজ এছ’চিয়েশ্বনৰ প্ৰতিষ্ঠা দিৱস

pc Facebook

অল ইন্দিয়া বেংক এম্প্লইজ এছ’চিয়েশ্বনৰ প্ৰতিষ্ঠা দিৱস

ৰঙিলী বাৰ্ত্তাসেৱা-  অল ইন্দিয়া বেংক এম্প্লইজ এছ’চিয়েশ্বনৰ ৭৭ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ৰাজ্যিক সমিতি অসম প্ৰদেশিক বেংক কৰ্মচাৰী সন্থাই মহানগৰীৰ ফাঁচী বজাৰস্থিত স্থায়ী কাৰ্যালয়ত পতাকা উত্তোলনেৰে পালন কৰা হয়৷আনহাতে,প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি পুৱাই নাৰেংগীস্হিত অৰ্চনা বৰঠাকুৰ এডুকেচনেল ট্ৰাষ্টৰ দ্বাৰা পৰিচালিত প্ৰিয়বন্ধু বহুমূখী বিদ্যালয়ত এখনি প্ৰীতিমেলৰ আয়োজন কৰে৷অনুষ্ঠানত এপিবিইএৰ সভাপতি খনিন শৰ্মা,সাধাৰণ সম্পাদক গৌৰৱ শৰ্মা আৰু আন আন কৰ্মকৰ্তা সকলৰ উপস্থিতিত কণ কণ শিশু সকলৰ সুবিধাৰ্থে বিদ্যালয়ৰ চকী,মেজ,বহী,ৰং পেঞ্চিল আদি প্ৰদান কৰাৰ লগতে মিঠাইৰ টোপোলা বিতৰণ কৰা হয়৷উল্লেখ্য,এপিবিইএই জন্মলগ্নৰে পৰা অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বুকুত বেংক কৰ্মচাৰী সকলৰ বিভিন্ন সমস্যা সমূহৰ সমাধানৰ স্বাৰ্থত কাম কৰি আহিছে তথা সামাজিক দায়বদ্ধতাৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন সময়ত বিভিন্নজনক সহায়ৰ হাত আগবঢ়াই আহিছে৷