বৃদ্ধাৱাসত আৱাসীৰ মাজত বিহুৱান প্ৰদান
ৰঙিলী বাৰ্ত্তাসেৱা- পহিলা ব’হাগৰ দিনা লেখিকা ৰমিছা বেগমে সমাজ সেৱক উৎপল হৰ্ষবৰ্ধনৰ দ্বাৰা পৰিচালিত প্ৰমোদ তালুকদাৰ সোঁৱৰণী বৃদ্ধাৱাসত গৈ ককা আইতাসকলৰ মাজত বিহুৱান প্ৰদান কৰে৷আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনোৱাৰ লগতে কিছু খাদ্য সামগ্ৰী বিতৰণ কৰে৷বেগমে বৃদ্ধাৱাসৰ ককা আইতাহঁতৰ লগত মত বিনিময় কৰে৷তেওঁক সহযোগ কৰে ইমদাদিয়া নগৰৰ নীলিমা খাতুনে।