স্বাৰ্থপৰ-অৰুণা  গোস্বামী

pc Adobe Stock

স্বাৰ্থপৰ

স্বাৰ্থপৰ , স্বাৰ্থপৰ ,

স্বাৰ্থপৰতাই কৰে সকলোকে বৰ্বৰ ৷

ঘৰ-পৰ চিন নাই ,

স্বাৰ্থৰ সীমা নাই ,

মুখেৰেহে ভাল পায় ,

অন্তৰত স্নেহ নাই ,

সম্বন্ধবোৰ হ’ল অতিকে জৰ্জৰ ,

মানুহবোৰ হ’ল আজি অতি স্বাৰ্থপৰ ৷

আনৰ হোৱা বেছি দেখে ,

নিজৰখিনি লুকাই ৰাখে ,

বক্তৃতাৰ ফুলজাৰি ,

কথাৰ নাই কমা-দাঢ়ি ,

পৰচৰ্চা ভাল পায় ,

নিজৰ গাত যেন দায় নাই ৷

অৰুণা  গোস্বামী,
তিতাবৰ।