আম আদমী পাৰ্টিয়ে গুৱাহাটী পৌৰ নিগম দখল কৰিলে দূৰ কৰিব খোৱা পানীৰ সমস্যা

আম আদমী পাৰ্টিয়ে গুৱাহাটী পৌৰ নিগম দখল কৰিলে দূৰ কৰিব খোৱা পানীৰ সমস্যা

ৰঙিলী বাৰ্ত্তাসেৱা-  এটুপি খােৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে মহানগৰবাসী। চৰকাৰী তথ্য মতে, গুৱাহাটীত প্রতিদিনে পানীৰ প্ৰয়ােজন প্রায় ২২৯ মিলিয়ন লিটাৰ। ইয়াৰ বিপৰীতে মহানগৰখনত চৰকাৰীভাৱে পানী যােগান ধৰা হয় মাত্র ৭৫.৫ মিলিয়ন লিটাৰ। এই পানী যােগান প্রয়ােজনতকৈ ৭০ শতাংশ কম।-এই মন্তব্য আম আদমী পাৰ্টী,অসমৰ৷ উক্ত দলটোৱে গুৱাহাটীৰ মুখ্য কাৰ্যালয়ত আয়োজিত এক সংবাদ মেলত ৰাজ্যিক কাৰ্যালয় সম্পাদক ৰুদ্ৰাংকুৰ হাজৰিকাই কয়- ২০০৯ চনৰ পৰাই মহানগৰখনত চাৰিটা বৃহৎ পানী যােগান প্রকল্পৰ কাম আৰম্ভ কৰা হৈছিল যদিও যােৱা ১৩ বছৰে বিজেপি আৰু কংগ্ৰেছৰ দৰে বিয়াগােম দলৰ চৰকাৰেও এই প্রকল্পকেইটাৰ কাম সম্পূর্ণ কৰিব নােৱাৰিলে। ব্যাপক অনীতি-ভ্রষ্টাচাৰৰ লগতে জনতাক সেৱা কৰাৰ মানসিকতা নথকাৰ বাবেই দল দুটাৰ চৰকাৰসমূহে ইমান দিনে ৰাইজক জীয়াতু ভােগাই আহিছে। এই প্রকল্পসমূহ ৰূপায়ণৰ সময়য়ত ৰাজনৈতিক নেতা একাংশই ইমানেই দুর্নীতি কৰিছিল যে পৰৱৰ্তী সময়ত এই প্রকল্পসমূহ ৰূপায়ন কৰা ঠিকাদাৰ প্রতিষ্ঠানসমূহে কাম অসমাপ্ত কৰি ৰাজ্যখনৰ পৰা পলায়ন কৰিবলৈ বাধ্য হৈছিল।সর্বানন্দ সােণােৱাল চৰকাৰৰ দিনত তদানীন্তন গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্রী সিদ্ধার্থ ভট্টাচার্যই ঘােষণা কৰিছিল যে ২০২২ চনৰ জুন মাহত সম্পূর্ণ হ’ব গুৱাহাটীৰ পানী যােগানৰ কাম। বর্তমানৰ গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্রী অশােক সিংঘালে কিছুদিন পূর্বে প্ৰকাশ কৰিছে যে গুৱাহাটী মহানগৰবাসীৰ বাসিন্দাই এই গুৰুতৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ আৰু আঢ়ৈ বছৰৰাে অধিক কাল অপেক্ষা কৰিব লাগিব৷গুৱাহাটী পৌৰ নিগমৰ তিনিটা পানী যােগান আঁচনি কার্যক্ষম হৈ আছে। পানবজাৰ, কামাখ্যা আৰু সাতপুখুৰী। পৌৰ নিগমৰ উপৰি জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু গুৱাহাটী মেট্রপলিটান ড্রিংকিং ৱাটাৰ এণ্ড ছুৱেৰেজ ব’র্ডেও মহানগৰবাসীক খােৱা পানীৰ যােগান ধৰে৷ গুৱাহাটী পৌৰ নিগমৰ যি তিনিটা পানী যােগান আঁচনি আছে, সেই আটাইকেইটাৰ আয়ুস ৩০ বছৰৰ আগতেই উকলি গৈছে। পানবজাৰ, কামাখ্যা আৰু সাতপুখুৰীৰ আঁচনিকেইটাৰ মুঠ পানী যােগান ক্ষমতা ৭৪ মিলিয়ন লিটাৰ আছিল যদিও এই কেইটাই দিনে ৪৪.৫ নিযুত লিটাৰ পানীহে যােগান ধৰিব পাৰে।গুৱাহাটীত খোৱা পানীৰ সমস্যা দূৰ কৰিবৰ বাবে ২০০৯ চনতে চাৰিটা বৃহৎ পানী যােগান আঁচনি স্থাপনৰ ব্যৱস্থা কৰা হৈছিল। সেই কেইটা হ’ল– দক্ষিণ পশ্চিম গুৱাহাটী পানী যােগান প্রকল্প (জৱাহৰলাল নেহৰু নেচনেল আর্বান বিনিৱেল মিছনৰ পুঁজি), দক্ষিণ মধ্য গুৱাহাটী পানী যােগান প্রকল্প (জাপান ইণ্টাৰনেচনেল ক’পাৰেচন এজেঞ্চি, জিকাৰ পুঁজি), উত্তৰ গুৱাহাটী পানী যােগান প্রকল্প (জিকাৰ পুঁজি), আৰু দক্ষিণ পূব গুৱাহাটী পানী যােগান প্রকল্প (এছিয়ান ডেভেলপমেন্ট বেংকৰ পুঁজি)। কিন্তু এই প্রকল্পকেইটা আৰম্ভ কৰাৰ ১২ বছৰৰ পাছতাে গুৱাহাটীবাসীযে ইয়াৰ এটোপাল পানীও মুখত দিবলৈ পােৱা নাই৷সংবাদ মেলত সাংগঠনিক সম্পাদক কামৰূপৰ মানস শৰ্মা,ৰাজ্যিক সহ সমন্বয়ক ৰাজীৱ শইকীয়া,ৰাজ্যিক মেডিয়া সমন্বয়ক জয়ন্ত কলিতা উপস্থিত থাকে৷