মহানগৰী এতিয়া জলহীন

মহানগৰী এতিয়া জলহীন

ৰঙিলী বাৰ্ত্তাসেৱা- আমাৰ একমাত্র মহানগৰীখন এতিয়া জলহীন হৈ পৰিছে, সকলাে ফালে খোৱা পানীৰ তীব্ৰ নাটনি। মহানগৰীখনত মৰুভূমিৰ নিচিনা পৰিস্থিতিয়ে বিৰাজ কৰিছে।-এই মন্তব্য ভিজিলেন্ট চিটিজেনছ অন গুৱাহাটী ৱাটাৰ ছাপ্লাইৰ হৈ ৱাটাৰ ৰিছাৰ্চৰ প্ৰাক্তন মুখ্য অভিযন্তা সত্যব্ৰতা শৰ্মা,সমাজকৰ্মী অভিজিৎ মজুমদাৰ,জয়দীপ বিশ্বাসৰ৷আজি গুৱাহাটী প্ৰেছ ক্লাবত আয়োজন কৰা সংবাদ মেলত পুনৰ তেওঁলোকে কয়-গুৱাহাটীবাসীৰ দীর্ঘদিনীয়া খােৱা পানীযােগানৰ সমস্যাৰ সমাধানৰ দাবীত ৰাইজে বহুদিনৰ পৰাই মাত মাতি আহিছে। মহানগৰীৰখনৰ বিভিন্ন অঞ্চলৰ বিভিন্ন সংগঠন যেনে- নাগৰিক সমিতি, উন্নয়ন সমিতি,গণ সংগঠন, ৰাজনৈতিক দল, আদিয়ে ভিন ভিন কাৰ্যসূচীৰে এই জ্বলন্ত সম্যসাটো সমাধানৰ বাবে দাবী উত্থাপন কৰি আহিছে। এই ক্ষেত্ৰত নাগৰিক সকলৰ দ্বাৰা কিছু পদক্ষেপ গ্রহণ কৰা হৈছে, এইবােৰৰ ভিতৰত সভা সমিতি, অভিৱর্তন, ধর্ণাৰ আয়োজন কৰা, উচ্চ ন্যায়ালয়ত জনস্বার্থ জড়িত আৱেদন দাখিল আৰু মুখ্যমন্ত্ৰী আৰু বিভাগীয় মন্ত্রীক সাক্ষাত কৰি স্বাৰকপত্র দাখিল কৰা আদিয়েই প্রধান।সম্প্রতি মাত্র প্রায় ৩০% গুৱাহাটীবাসীয়েহে গুৱাহাটী পৌৰ নিগম, জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু অসম নগৰ পানীযােগান আৰু পয়ঃপ্রণালী বাের্ড এই তিনিটা সংস্থাৰ পৰা পুৰণি কেতবােৰ পানীযােগান আঁচনিৰ যােগেদি অনিয়মীয়াভাৱে কিছু পানীৰ যােগান লাভ কৰি আহিছে। বাকী ৭০% কৈ অধিক নাগৰিকে নিৰাপদ খোৱা পানীৰ মৌলিক সুবিধাৰ পৰা আজিলৈ বঞ্চিত।ৰাইজৰ দাবীত যােৱা ২০০৯ ৰ পৰা অসম চৰকাৰে বৃহৎ অভিলাষী চাৰিখন খোৱা পানীৰ আঁচনি পৰ্যায়ক্রমে প্রস্তুত কৰিছে। বৃহত্তৰ গুৱাহাটীখনক চাৰিটা ভাগত দক্ষিণ-পশ্চিম- (১০৭ এম,এল,ডি), দক্ষিণ-মধ্য- (১৯১ এম,এল,ডি-), দক্ষিণ-পূব- (৯৭ এম,এল,ডি-) আৰু উত্তৰ গুৱাহাটী – (৩৭ এম,এল, ডি) বিভক্ত কৰি মহানগৰবাসীক পানীযােগান ধৰিবলৈ পৰিকল্পনা কৰিছিল৷কিন্তু দুর্ভাগ্যৱশতঃ ১২ বছৰ অতিক্ৰম কৰাৰ পাছতাে গুৱাহাটীবাসীয়ে প্রতিশ্রুতি অনুসৰি উক্ত আঁচনি কেইটাৰ পৰা পানীযােগান পাবলৈ সক্ষম হােৱা নাই ।বিভিন্ন মাধ্যমৰ জৰিয়তে আমি আনিব পাৰিছোঁ যে দক্ষিণ পশ্চিম গুৱাহাটী প্রকল্পটোৰ এটা মাত্র অতি ক্ষুদ্র অঞ্চলতহে ৫% কৈ কম আংশিকভাৱে সেই আঁচনিটোৰ পৰা ৰাইজলৈ কিছু পানীযােগান ধৰিছে যদিও এই দক্ষিণ পশ্চিম অঞ্চলৰেই ৯৫ শতাংশ কৈ অধিক নাগৰিকে এতিয়াও বিশুদ্ধপানীৰ যােগান লাভ কৰিবলৈ সক্ষম হােৱা নাই।আনহাতে বাকী তিনিটা প্ৰকল্পৰ কামৰ অগ্রগতি মুঠেই সন্তোষজনক নহয়।ফলত গুৱাহাটীৰ নাগৰিকৰ ব্যক্তিগতভাৱে নিজৰ প্ৰয়োজনীয় পানীখিনি বিভিন্ন প্ৰকাৰে সংগ্ৰহ কৰাটো যথেষ্ট কষ্টসাধ্য হৈ পৰিছে৷ইয়াৰ আন এটা কাৰণ হ’ল এই যে বৰ্তমান গুৱাহাটীৰ ভূগৰ্ভৰ পানী দিনক দিনে হ্ৰাস পাই গৈ আছে৷মহানগৰীবাসীৰ এনে অসহায় অৱস্হাৰ পূৰ্ণ সুযোগ লৈছে অবৈধ পানী ব্যৱসায়ীয়ে৷এনে পানী মাফিয়াক প্ৰশাসনে সহযোগিতা আগবঢ়াইছে৷বৰ্তমান নাগৰিকে বাধ্য হৈ খোৱা পানীৰ বিশুদ্ধতাৰ পৰীক্ষাৰ ব্যৱস্হা নকৰাকৈ চ’ৰা দামত পানী কিনি খাবলগীয়া হৈছে এই অবাধ পানী ব্যৱসায়ীৰ পৰাই৷চৰকাৰে দাবী কৰামতে গুৱাহাটী দক্ষিণ-পশ্চিম পানী যোগান প্ৰকল্পৰ কামৰ প্ৰায় ৯৩% অগ্ৰগতি হৈছে৷গতিকে প্ৰকল্পটো ২০২২ চনৰ আগষ্টত সম্পূৰ্ণভাৱে শেষ কৰিব লাগে৷এতিয়ালৈ গুৱাহাটী দক্ষিণ-মধ্য প্ৰকল্পৰ কাম প্ৰায় ৫০% হৈছে বুলি প্ৰচাৰ হৈছে৷এই প্ৰকল্পটোৰ লগতে উত্তৰ গুৱাহাটীৰ প্ৰকল্পটোও ২০২২-২৩ চনৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগে৷আনহাতে গুৱাহাটী দক্ষিণ পূব প্ৰকল্পটো ২০২৩-২৪ চনৰ ভিতৰত সম্পূৰ্ণকৈ শেষ কৰাৰ সময় নিৰ্দ্ধাৰিত তথা নিশ্চিত লক্ষ্য ধাৰ্য কৰিব লাগে৷পানীৰ ব্যৱহাৰৰ নিৰিখ ধাৰ্য কৰাৰ ক্ষেত্ৰত গুৱাহাটী ৱাটাৰ ৰেগুলেটৰি অথ’ৰিটী গঠন কৰাৰ লগতে মহানগৰীবাসীৰ মতামত লোৱাটো নিশ্চিত কৰিব লাগে৷ৰেগুলেটৰি অথ’ৰিটী গঠন নহ’লে খোৱাপানীৰ প্ৰয়োজনীয় গুণগত মানদন্দ ৰক্ষা কৰা আৰু সুশৃংখলীত তথা সুলভ মূল্যত ঘৰে ঘৰে পানী যোগান ধৰাটো সম্ভৱ নহ’ব৷