ধিক্কাৰ এই শিক্ষা ব্যৱস্থা
শিক্ষা মানৱ জীৱনৰ এক গুৰুত্বপূর্ণ অংশ।শিক্ষাৰ উদ্দেশ্য হৈছে মানুহৰ মন মগজুৰ উৎকৰ্ষ সাধন কৰা লগতে ছাত্র – ছাত্রীৰ শাৰীৰিক আৰু মানসিক উৎকৰ্ষ সাধন কৰি ভৱিষ্যতৰ বাবে গঢ় দিয়া।
পিছে বৰ্তমান সময়ত শিক্ষা নম্বৰৰ এখন প্রতিযোগিতা হৈ পৰিছে।শিক্ষা ব্যৱস্থাৰ উদ্দেশ্য এতিয়া কেৱল মাথো ফলাফল।কেইজনমান সাহিত্যিকে লিখি থৈ যোৱা কেইটামান অধ্যায়ৰে গঢ়ি টোলা এখন কিতাপ আৰু সেই অধ্যায় কেইটামানৰ আশ্রয় গ্রহণ কৰি মাহে মাহে এটা এটা পৰীক্ষা অনুষ্ঠিত কৰা ব্যৱস্থাই হ’ল আজিৰ আমাৰ শিক্ষা ব্যৱস্থা।
আজিৰ শিক্ষা ব্যৱস্থাই ছাত্র – ছাত্রীক ভৱিষ্যতৰ বাবে সাজু কৰা নাই।আজিৰ শিক্ষা ব্যৱস্থাই ছাত্র – ছাত্রীক কেৱল কালিৰ পৰীক্ষাত ভাল নম্বৰৰ তালিকা এখন পাবলৈহে সাজু কৰিছে। নম্বৰ কেন্দ্রীক শিক্ষা ব্যৱস্থাই ছাত্র- ছাত্রীৰ মন মগজুৰ ওপৰত নম্বৰৰ মানসিক চাপ প্রয়োগ কৰিছে। ছাত্র – ছাত্রীৰ ভিতৰত লুকাই থকা সুপ্তপ্ৰতিভা সমূহক গোপনে হত্যা কৰিছে।যাৰ বাবে আজি আমাৰ দেশত লাহে লাহে ভাল খেলুৱৈ,ভাল গায়ক, ভাল কবি , আদিৰ অভাৱ হৈছে। আজিৰ সমাজত মেধাৰ সংখ্যা বাঢ়িছে মাথো নম্বৰৰ তালিকা ভিত্তিত।
উল্লেখ যোগ্য যে মুদলিয়া আয়োগে আজিৰ এই প্রচলিত শিক্ষা বাৱস্থাক যান্ত্রিক, পুথিগত আৰু একঘেয় বুলি অভিহিত কৰি এনে শিক্ষাই শিক্ষাৰ্থীৰ লক্ষ্য পূৰণত বাধাৰ সৃষ্টি কৰে বুলি কয়। মুদলিয়া আয়োগে আঙুলিয়াই দিছিল যে এই শিক্ষা ব্যৱস্থা সম্পূৰ্ণ পৰীক্ষাকেন্দ্ৰিক, পাঠ্যক্ৰমৰ অতিৰিক্ত বোজা, শিকন পদ্ধতি বিজ্ঞানসন্মত নহয় আৰু শিক্ষার্থীক লক্ষ্যত উপনীত কৰোৱাত ব্যৰ্থ হৈছে বুলিও উল্লেখ কৰিছে।
ভাৰতবৰ্ষত ২০০৯ চনত গৃহীত বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইনৰ 21A অনুচ্ছেদ অনুসৰি ৬ৰ পৰা ১৬ বছৰ পৰ্য্যন্ত চৰকাৰী বিদ্যালয়ত শিশুৰ বাবে শিক্ষা বিনামূলীয়া আৰু বাধ্যতামূলক কৰা হয়। বেচৰকাৰী বিদ্যালয়সমূহেও তেওঁলোকৰ ২৫% শিশুক এই সুবিধা দিয়াতো বাধ্যতামূলক কৰা সত্ত্বেও আজি বহু ল’ৰা ছোৱালীয়ে বিদ্যালয় ত্যাগ কৰিছে। আন্তৰাষ্ট্ৰীয় শ্রমিক সন্থাৰ(𝙄𝙇𝙊) ২০১৭ চনৰ বিশেষ প্রতিবেদন অনুসৰি ৭ পৰা১৭ বয়সৰ ১২.৯ মিলিয়ন ভাৰতীয় ল’ৰা -ছোৱালী এতিয়াও বিভিন্ন কৰ্মত শ্রমিক হিচাপে নিয়োজিত হৈ আছে।অৰ্থাৎ এই ল’ৰা ছোৱালী বোৰ শিক্ষাৰ বাবে আগ্রহী নহয়। ইয়াৰ একমাত্র কাৰণ আজিৰ এই শিক্ষা ব্যৱস্থা।ল’ৰা ছোৱালী বোৰে কেইটামান অধ্যায়ৰ ভিতৰত আৰু কেইখনমান কিতাপৰ ভিতৰত নিজকে বন্দী ৰাখিৱ নোৱাৰি নিজৰ আনুষ্ঠানিক শিক্ষা আধাতে বন্ধ কৰে আৰু শ্রমিক হিচাপে কাম কৰিবলৈ আৰাম্ভ কৰে।
সম্প্রতিক সময়ৰ নম্বৰ কেন্দ্রীক শিক্ষা ব্যৱস্থাই কন কন ছাত্র -ছাত্রীৰ মাজত বৈষম্যৰ সৃষ্টি কৰিছে।নম্বৰৰ তালিকা এখনৰ বাবে মাহে মাহে পৰীক্ষা অনুষ্ঠিত কৰি ছাত্র-ছাত্ৰীক বাস্তৱ জীৱনৰ পৰা ,খেলা -ধূলাৰ পৰা আতৰাই আনি ছাত্র-ছাত্ৰীৰ মন মগজুক জুৰুলা কৰিছে।
এয়া শিক্ষাৰ নামত চলি থকা এটা অৰ্থহীন মানসিক অত্যাচাৰ।
জয়ন্ত কলিতা
ৰঙিয়া (তুলসীবাৰী)
ফোনঃ৮৪৫৪৩২৬৪৫২০