ভাৰতত কৰ’নাৰ সক্ৰিয় ঘটনাবোৰ ২৫,১০৬লৈ হ্ৰাস পাইছে
ৰঙিলী বাৰ্ত্তাসেৱা- স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত যোৱা ২৪ ঘণ্টাত ১,৫৪৯ জন লোক নতুনকৈ কৰ’নাত আক্ৰান্ত হৈছে। আৰু ৩১ জন লোকৰ নতুনকৈ যোৱা ২৪ঘণ্টাত কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হৈছে। মৃত্যু হোৱা লোকসকলৰ ভিতৰত কেৰালাৰ ২০ জন লোক। আনহাতে দেশখনত কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হোৱা মুঠ লোকৰ সংখ্যা ৫,১৬,৫১০ জনলৈ বৃদ্ধি হৈছে। সক্ৰিয় ঘটনাবোৰ ২৫,১০৬লৈ হ্ৰাস পাইছে।