১৪৮ খন আইএএফ বিমানে ‘বায়ু শক্তি’ অনুশীলনত শক্তি প্ৰদৰ্শন কৰিব

pc India Today

pc India Today

ৰঙিলী বাৰ্ত্তাসেৱা–  ৭ মাৰ্চত ৰাজস্থানৰ পোখৰণ পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হ’বলগীয়া ‘বায়ু শক্তি’ৰ ২০২২ সংস্কৰণত ভাৰতীয় বায়ু সেনাৰ প্ৰায় ১৪৮ খন বিমানে অংশগ্ৰহণ কৰিব বুলি বাহিনীৰ জ্যেষ্ঠ বিষয়াসকলে জানিবলৈ দিয়ে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থাকিব বুলি ভাৰতীয় বায়ু সেনাৰ এজন জ্যেষ্ঠ বিষয়াই উল্লেখ কৰে। প্ৰথমবাৰৰ বাবে ৰাফেল যুঁজাৰু বিমানেও এই অনুশীলনত অংশগ্ৰহণ কৰিব, বিষয়াজনে লগতে কয়।