অনুসূচিত জাতি উন্নয়ন নিগম লিমিটেডৰ সংবাদ মেল

অনুসূচিত জাতি উন্নয়ন নিগম লিমিটেডৰ সংবাদ মেল

ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰত চৰকাৰৰ বস্ত্ৰ মন্ত্ৰণালয়ৰ সহযোগত আৰু অসম ৰাজ্যিক অনুসূচিত জাতি উন্নয়ন নিগম লিমিটেডৰ উদ্যোগত দহ দিনীয়া কাৰ্যসূচীৰে গুৱাহাটীৰ সোণাৰাম হাইস্কুল খেলপথাৰত আৰম্ভ হ’ব গান্ধী শিল্প বজাৰ । য’ত থাকিব দেশৰ বিভিন্ন ঠাইৰ ১০০ খন বিপণী৷ এই বিপণী সমুহৰ জৰিয়তে অনুসুচিত জাতিৰ বিভিন্ন সম্প্ৰদায়ৰ ব্যক্তিসকলে  তেওঁলোকৰ দ্বাৰা উৎপাদিত বিভিন্ন সামগ্ৰীৰ প্ৰদৰ্শনী আৰু বিক্ৰীৰ ব্যৱস্থা কৰিব । এই ধৰণৰ গান্ধী শিল্প বজাৰ পৰৱৰ্তী সময়ত তেজপুৰ আৰু নগাঁওতো অনুষ্ঠিত হ’ব৷ দিছপুৰ প্ৰেছ ক্লাবত অনুষ্ঠিত এক সংবাদ মেলত  অসম ৰাজ্যিক অনুসূচিত জাতি উন্নয়ন নিগম লিমিটেডৰ অধ্যক্ষ জয়ন্ত কুমাৰ দাস আৰু উপাধ্যক্ষ লক্ষীধৰ শেনচোৱাই এই কথা সদৰি কৰে ।  অনুসূচিত জাতিৰ মহিলাসকলৰ সামগ্ৰীক উন্নয়নৰ বাবে  নিগমে গ্ৰহণ কৰা বিভিন্ন কাৰ্যসূচীৰ কথা উল্লেখ কৰি সংবাদ মেলত অধ্যক্ষ দাসে কয় যে – অনুসূচিত জাতিৰ মহিলা শিল্পীৰ  কাৰিকৰী জ্ঞানৰ বাবে অচিৰে দুমহীয়া প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হ’ব । এই প্ৰশিক্ষণ সমূহ থাকিব  নগাঁও , তেজপুৰ , শিৱসাগৰ , গুৱাহাটী ,আৰু নলবাৰীত  । প্ৰতিটো কেন্দ্ৰত ৪০ গৰাকীকৈ মহিলাক  মুঠ ২০০ মহিলা শিল্পীক কাৰিকৰী জ্ঞানৰ প্ৰশিক্ষণ প্ৰদান কৰা হ’ব । প্ৰশিক্ষণৰ অন্তত  প্ৰশিক্ষিত মহিলা শিল্পীক তাঁতশাল , এম্ভ্ৰইডাৰী মেচিন আদি সামগ্ৰী যোগান ধৰা হ’ব ।সংবাদ মেলত অনুসূচিত জাতি উন্নয়ন নিগম লিমিটেডৰ মুখ্য গাণনিক বিষয়া পংকজ বৰা উপস্থিত থাকে৷