খৰিকাজাঁই
খৰিকাজাঁই সুৰভিয়ে মোৰ মন কাঢ়ে
খৰিকাজাঁই ফুলাৰ ৰাতি
যেন এপিয়লা আপং পি
মাতাল হৈ থাকে
খৰাঙৰ নদী আৰু মাটি।
খৰিকাজাঁই ফুলিলেই মই
শিহৰিত হওঁ, কঁপি উঠো
তোমাৰ উমাল বুকুত
জিৰাবৰ মন যায় মোৰো।
খৰিকাজাই ফুলাৰ ৰাতি
শব্দৰ কাচোন কাচি
ৰৈ থাকে কবিতা এটি
ফুলি উঠা খৰিকাজাঁইবোৰে
বিচাৰে সুগন্ধত তাৰ
প্ৰাণৰ বিস্তৃতি।
আকাশত থুপ খাওক বা নেখাওক
কলীয়া ডাৱৰ;
খৰিকাজহি ফুলক
খৰিকাজাঁই ফুলিলেই বাৰিষা
আৰু বাৰিষাই আনে
সোণোৱালী শইচৰ সম্ভাবনা।
প্ৰমোদ বৰা,
নগাঁও