“প্ৰশিক্ষণ কেতিয়াও চাৰ্টিফিকেট(প্ৰমান পত্ৰ)ৰ বাবে হব নালাগে প্ৰশিক্ষণৰ শেষত কাৰ্যক্ষেত্ৰত প্ৰয়োগ হৈছে মূল প্ৰমান পত্ৰ”-উপায়ুক্ত নিসৰ্গ হিভাৰে গৌতম 

“প্ৰশিক্ষণ কেতিয়াও চাৰ্টিফিকেট(প্ৰমান পত্ৰ)ৰ বাবে হব নালাগে প্ৰশিক্ষণৰ শেষত কাৰ্যক্ষেত্ৰত প্ৰয়োগ হৈছে মূল প্ৰমান পত্ৰ”-উপায়ুক্ত নিসৰ্গ হিভাৰে গৌতম 

আদিলুৰ ৰহমান, টুকটুকী ,ৰঙিলী বাৰ্ত্তাসেৱা –প্ৰশিক্ষণ কেতিয়াও চাৰ্টিফিকেট(প্ৰমান পত্ৰ)ৰ বাবে হব নালাগে প্ৰশিক্ষণৰ শেষত কাৰ্যক্ষেত্ৰত প্ৰয়োগেই হৈছে মূল প্ৰমান পত্ৰ।” এই মন্তব্য নগাঁও জিলাৰ উপায়ুক্ত নিসৰ্গ হিভাৰে গৌতমৰ।  অসম কৃষি বিশ্ববিদ্যালয় যোৰহাট আৰু ৰাজ্যিক কৃষি বিভাগৰ যুটীয়া উদ্যোগত তথা কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ তত্বাৱধানত কৃষি সামগ্ৰী ব্যৱসায়ীৰ ১৫ দিনীয়া প্ৰশিক্ষণ কাৰ্য্যসূচীৰ শুভাৰম্ভণি অনুষ্ঠানত মুুখ্য অতিথি ৰূপে অংশ গ্ৰহণ কৰি উপযুক্ত গৰাকীয়ে লগতে কয় যে, কৃষি সামগ্ৰী ব্যৱসায়ী সকলে একাগ্ৰতাৰে প্ৰশিক্ষণ গ্ৰহণ কৰি পৰবৰ্তী সময়ত নিজৰ অঞ্চলৰ কৃষক সকলক প্ৰয়োজনীয় পৰামৰ্শ প্ৰদান কৰিলে কৃষকৰ আয় বৃদ্ধি হব। শিমলুগুৰিস্থিত কৃষি বিজ্ঞান কেন্দ্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত প্ৰশিক্ষণ কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰি কেন্দ্ৰটিৰ মূৰব্বী ড০ নিৰঞ্জন ডেকাই “আনুষ্ঠানিক কৃষি শিক্ষা নথকা কৃষি সামগ্ৰী ব্যৱসায়ী সকলক এই ১৫ দিনীয়া প্ৰশিক্ষণৰ দ্বাৰা প্ৰয়োজনীয় জ্ঞানেৰে সমৃদ্ধ কৰি উপযুক্ত সময়ত কৃষক সকলৰ বাবে প্ৰয়োজনীয় সামগ্ৰী সমূহ মজুত ৰাখি সহায় কৰাৰ, লগতে কৃষক সকলক সমন্বিত কৃষি ব্যৱস্থাপনা, সমন্বিত কীট নিয়ন্ত্ৰণ, গৰু ছাগলীৰ খাদ্য, পোহপাল ইত্যাদি বিভিন্ন কৃষি প্ৰযুক্তিৰ পৰামৰ্শ প্ৰদানৰ জড়িয়তে কৃষক সকলৰ উত্তম কৃষি কাৰ্যত সহায়ক হব” বুলি মন্তব্য কৰে। নগাঁও আৰু হোজাই জিলাৰ ২৫ গৰাকী কৃষি সামগ্ৰী ব্যৱসায়ীয়ে অংশ গ্ৰহণ কৰা এই প্ৰশিক্ষণ কাৰ্য্যসূচীৰ শুভাৰম্ভণি অনুুুুষ্ঠানত উপস্থিত থাকি নগাঁও জিলাৰ কৃষি বিষয়া তৰুন হাজৰিকা, জেষ্ঠ কৃষি উন্নয়ন বিষয়া দিলীপ বৰা, হোজাই জিলা কৃষি বিষয়া পৰাগ মহন্ত, আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ চিলঙনীৰ মূখ্য বিজ্ঞানী ড০ অমল চন্দ্ৰ শৰ্মাই ভাষন প্ৰদান কৰে। কৃৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ মীন বিজ্ঞানী ধীৰেন চন্দ্ৰ নাথ আৰু ভূমি বিজ্ঞানী দিপেন চন্দ্ৰ নাথে আঁঁত ধৰা অনুষ্ঠানটিত শস্য বিজ্ঞানী ড০ বন্তি গগৈকে প্ৰমুখ্য কৰি কেন্দ্ৰটিৰ সকলো বিজ্ঞানীয়ে অংশ গ্ৰহণ কৰে।