সুৰ সম্রাজ্ঞী লতা মঙ্গেশকাৰলৈ শ্ৰদ্ধাঞ্জলী- কবিতা শৰ্মা

pc.- pinkvilla

সুৰ সম্রাজ্ঞী লতা মঙ্গেশকাৰলৈ শ্ৰদ্ধাঞ্জলী …

কবিতা শৰ্মা
দিল্লী

এয়া মোৰ কাৰণে এনে এক সময়.. যি সময়ত মই মোৰ ভাব প্ৰকাশৰ বাবে কোনো ভাষা বিচাৰি পোৱা নাই … যেন ভাষাহীন হৈ পৰিছো! সেই গৰাকী শিল্পী যাৰ কণ্ঠত স্বয়ং সৰস্বতীৰ বাস, যাৰ যাদুকৰী কন্ঠই সমগ্ৰ সংগীত জগততে ৰসৰ সঞ্চাৰ কৰে, তেওঁৰ মৃত্যু মানি লোৱাটো সহজ কথা নহয়। সকলো সঙ্গীত প্ৰেমীৰ বাবে ই এক দুঃসম্বাদ!

মোৰ বয়স তেতিয়া হয়তো মাত্ৰ ছাৰি-পাচ বছৰ ….কব পাৰি পখিলা খেদাৰ বয়স …. উৎসুকতাৰে পৃথিৱীখন চাবলৈ আৰম্ভ কৰিছোহে মাত্ৰ, সেই সময়ৰ পৰাই লতা মঙ্গেশকাৰৰ গীত শুনিছিলোঁ। সেই সময়ত আমাৰ ঘৰত ককা – আইতাৰ দিনৰে এটা গ্রামোফোন আছিল, যিটোত গান শুনিবলৈ পাম্প দিব লাগিছিল আৰু মাজে মাজে পিনবোৰ সলাব লাগিছিল। ডাঙৰ ডাঙৰ ৰেকৰ্ড, যিবোৰ মাটিত পৰিলেই ভাঙি গৈছিল, সেইবোৰ মাহঁতে অতি আলফুলে বজাইছিল । তেতিয়াৰ পৰাই লতাৰ গান শুনিছিলোঁ। গুন গুনাইছিলো। কেবল লতাৰে নহয় সেই সময়ৰ আন বহুতো প্রসিদ্ধ গায়ক গায়িকা– কে এল চাইগল, মহম্মদ ৰফি, মুকেশ, মান্নাদে, হেমন্ত কুমাৰ, গীতা দত্ত, সন্ধ্যা মুখার্জী এইসকলৰ উপৰিও অসমৰ ড° ভূপেন হাজৰিকা, দীপালী বৰঠাকুৰ, বীৰেন দত্ত, খগেন মহন্ত, প্রায় সকলোৰে গীত ৰেকৰ্ড বা ৰেডিও ৰ যোগেদি আমি শুনিছিলোঁ। আমাৰ ঘৰত কোনো সঙ্গীত শিল্পী নাছিল যদিও সকলো সঙ্গীত প্ৰেমী আছিল । ঘৰখনত সঙ্গীতৰ পৰিবেশ পাইছিলোঁ । তেতিয়া একো বুজি পোৱা হোৱা নাছিলো যদিও তেতিয়াৰ পৰাই হয়তো লতাৰ সেই অতুলনীয় সুৰীয়া কন্ঠৰ উমান পাইছিলো, যি মোৰ মন মগজু অধিকাৰ কৰিছিল। হয়তো তেতিয়াৰ পৰা লতা মঙ্গেশকাৰক মনৰ মাজত গুৰুমাৰ ৰূপত স্থান দিছিলোঁ। এই কথা হয়তো কাৰো বিশ্বাসযোগ্য যেন অনুভৱ নহব যে, সেই বয়সতে “ জিস দেশ মে গংগা বহতী হ্যায়” বোলছবিৰ – অ’ বসন্তী পৱন পাগল.. গীতটো শুনি শুনি গাবলৈ চেষ্টা কৰিছিলো । তেতিয়া নাজানিছিলো যে সেই গীতটো ৰূপক তাল (সাত যাত্ৰা) ত গোৱা হৈছিল । মই একো নুবুজাকৈয়ে মাত্ৰ অনুকৰণ কৰিছিলোঁ।

যা কুন্দেন্দু তুষাৰ হাৰ ধবলা … এই সৰস্বতী বন্দনা লতাৰ কণ্ঠত শুনিলে এনে লাগে যেন শুভ্র বস্ত্ৰ পৰিহিতা স্বয়ং সৰস্বতীৰ কন্ঠ … লতাৰ কন্ঠ শুনি যদি কেতিয়াবা ভক্তি ভাবত, কেতিয়াবা প্রেম ভাবত আপ্লুত হওঁ, কেতিয়াবা যদি দুখ আৰু বিৰহ ভাবত অশ্ৰু নিগৰে, কেতিয়াবা আকৌ মন প্ৰাণ আনন্দত নাচি উঠে । গীতে প্রতি এনেদৰে নব ৰসৰ সৃষ্টি কৰিব পৰা কন্ঠ শিল্পীৰ দৃষ্টান্ত সচাকৈয়ে বিৰল। নেপথ্য কন্ঠ শিল্পী হিচাপেও তেওঁৰ সমকক্ষ বিচাৰি পোৱা কঠিন। ছাৰি বছৰীয়া শিশুৰ কন্ঠ হওক বা চঞ্চলা কিশোৰীৰ কন্ঠ হওক, বয়সে গৰকা অভিজ্ঞতা পুষ্ট নাৰীৰ কন্ঠই হওক, গাৱঁৰ সহজ সৰল ছোৱালীৰ কণ্ঠ হওক বা চহৰৰ আধুনিকাৰ কন্ঠই হওক, সকলো লতাৰ কণ্ঠত যেন প্ৰাণ পাই উঠে।

এই গৰাকী কন্ঠ শিল্পীক সো শৰীৰে মাত্ৰ এবাৰেই দেখা পাইছিলোঁ । আশীৰ দশকত গুৱাহাটী ষ্টেডিয়ামত তেওঁৰ live programme চাইছিলোঁ । গেলাৰীত বহি দূৰৰ পৰাই শুনিছিলোঁ তেওঁৰ প্ৰতিটো গান । ইমান আবেগিক হৈ পৰিছিলো যে চকুলো নিগৰি আহিছিল। নিখুঁত … অবিকল… কোনো হেৰফেৰ নাই। এনে লাগিছিল যেন ৰেকৰ্ড শুনি আছোঁ। বহু বিখ্যাত কন্ঠ শিল্পীৰ stage performance দেখিছোঁ আৰু শুনিছো। কিন্তু লতাৰ গায়ন সচা অৰ্থত অতুলনীয়!

১৯৪৯ চনৰ ‘মহল’ বোলছবিত আয়েগা আনেৱালা গীতটি গাই জনপ্ৰিয়তাৰ শীৰ্ষত স্থান অধিকাৰ কৰা লতা মঙ্গেশকাৰে আঠটা দশক জুৰি গীত গালে ৷ ভাৰতৰ এনে এটা ভাষা নাই, যিটো ভাষাত লতাই নিজৰ কন্ঠ নিগৰোৱা নাই …যি ভাষাৰে গীত নাগাৱক কিয়, সেই ভাষাৰ নিখুঁত উচ্চাৰণে গীত সমূহক অনন্য মাত্রা প্রদান কৰে । অসমীয়া ভাষাতো তেওঁ গোৱা-একক গীত ‘জোনাকৰে ৰাতি অসমীৰে মাটি’, ‘গোদাৱৰী নৈৰে পাৰৰে পৰা’ আৰু ড° ভূপেন হাজৰিকাৰ লগত গোৱা দ্বৈত কণ্ঠৰ গীত, ‘দুয়ো মুখা মুখি অতি সুখে সুখী’ আদি গীত সমূহ অবিস্মৰণীয়। বিশেষকৈ ভূপেনদাৰ সুৰত গোৱা জোনাকৰে ৰাতি অসমীৰে মাটি গীতটো অসমৰ মাটিৰ সুবাস আৰু সুৰৰ ৰসত মিহলি হৈ ইমান জীৱন্ত হৈ পৰিল যে অসমৰ সঙ্গীত জগতৰ এক কীর্তিস্তম্ভ হৈ চিৰ যুগমীয়া হৈ ৰ’ল…

কোৱা হয় গছ এজোপাত যিমানেই ফল লাগে সি সিমানেই তললৈ দো খাই পৰে। লতা মঙ্গেশকাৰ যেন তাৰেই জল জীয়ান্ত প্রতীক। যি আজীৱন নিৰলস ভাবে সঙ্গীত সাধনা কৰিলে …সদা শুভ্ৰবসনা এই গৰাকী কিংবদন্তী স্বৰূপ সঙ্গীত শিল্পী যেন নম্ৰতা আৰু বিনয়ৰ প্ৰতিমূৰ্তি! কোনো দিন ৰেকৰ্ডিং কক্ষত চেন্দেল পিন্ধি প্ৰবেশ নকৰা এই গৰাকী শিল্পীয়ে আজীৱন ভাৰতীয় সংস্কৃতিৰ গৰিমা অক্ষুণ্ণ ৰাখিলে।

যিকোনো ক্ষেত্রতে শীর্ষ স্থান দখল কৰা যিমান কঠিন, তাতকৈও কঠিন সেই স্থানত চিৰ যুগমীয়া হৈ ৰৈ যোৱা । লতাৰ কন্ঠ যেন ৰজা মিডাচৰ দৰে। স্পৰ্শ কৰা মাত্ৰকে সকলো সোণ হৈ পৰে। বহুতো ৰাষ্ট্ৰীয় বঁটা — পদ্মভূষণ, পদ্মবিভূষণ, দাদা চাহেব ফাল্কে, দেশৰ সৰ্বশ্ৰেষ্ঠ বঁটা — ভাৰত ৰত্ন লাভ কৰা লতা মঙ্গেশকাৰ প্ৰকৃত অৰ্থতে ভাৰতৰ ৰত্ন ! এনে লাগে যেন লতাৰ হাতৰ স্পৰ্শত এই সন্মান নিজেই সন্মানিত হৈছে।

সঙ্গীত — এক স্বর্গীয় অনুভূতি … যাক কেৱল হৃদয়েৰেহে অনুভৱ কৰিব পৰা যায়। শিশু অৱস্থাৰ পৰাই লতাৰ কণ্ঠৰ গীত শুনি শুনি তেওঁৰ অনুৰাগী হৈ পৰিলোঁ। তেওঁৰ গীত তন্ময় হৈ বাৰে বাৰে শুনিলোঁ আৰু বাৰে বাৰে মুগ্ধ হলোঁ । তেওঁক অনুসৰণ কৰিলোঁ, অনুকৰণো কৰিলোঁ । জীৱনৰ এই ক্ষণত আহি এগৰাকী সাধাৰণ কন্ঠ শিল্পী হিচাপে আজি উপলব্ধি কৰিছো তেওঁৰ দৰে এগৰাকী সঙ্গীত শিল্পীৰ গীত শুনিব পোৱাটোৱেই মোৰ বাবে পৰম সৌভাগ্য। মোৰ দেউতা (যিজন এতিয়া এই পৃথিৱীত নাই), মোৰ মা যি, আশীৰ দেওনা পাৰ কৰিছে, যি সকলৰ বাবে মই এইগৰাকী সংগীত শিল্পীক সৰুৰে পৰা শুনিবলৈ সুবিধা পালোঁ, তেওঁলোকৰ প্ৰতিও মই চিৰ কৃতজ্ঞ।

সৰস্বতী দেবীৰ বিসৰ্জনৰ দিনাই তেওঁৰ জীৱনাবসান এক দৈবিক যোগসুত্র যেন অনুভব কৰিছোঁ । মানুহৰ মৃত্যু এক স্বাভাবিক প্রক্রিয়া। লতা মঙ্গেশকাৰৰ মৃত্যু হ’ল সচা, কিন্তু তেওঁৰ সোণালী কন্ঠৰ যাদুৱে যুগ যুগ ধৰি সমগ্ৰ দেশবাসীক মুগ্ধ কৰি ৰাখিব । ভাৰতীয় সঙ্গীত জগতত তেওঁৰ নাম সোণালী আখৰেৰে লিখা হৈ ৰব … এই গৰাকী সঙ্গীত শিল্পীৰ মহা প্ৰয়াণত আজি মোৰ অশ্ৰু অঞ্জলি যাচিলোঁ …