শ্ৰদ্ধাঞ্জলি — লতা মংগেশকাৰলৈ- ময়ূৰাক্ষী গগৈ

pc. Aaj Tak

শ্ৰদ্ধাঞ্জলি — লতা মংগেশকাৰলৈ

হে মহান শিল্পী লতা মঙ্গেশকাৰ।
আপোনাক হৃদয় ভৰা শ্ৰদ্ধাঞ্জলি জনাইছোঁ।
হে কুকিলকণ্ঠী,
ভাৰতৰ নাইটিংগল আপুনি।
আপোনাৰ কণ্ঠই সকলোৰে অন্তৰ জিনি আছে।
নিয়তিৰ ওচৰত হাৰ মানি
আপুনি অজান দেশলৈ গ’লগৈ।
আপোনাৰ বিয়োগত ভাৰতীয় সংগীত জগত
যেন উকা হৈ পৰিল।
অবাল বৃদ্ধ বনিতা
সকলো ওলাই আহিছে
আপোনাৰ অন্তিম যাত্ৰাত ভাগ লৈ
শেষ শ্ৰদ্ধা জনাবলৈ।

ময়ূৰাক্ষী গগৈ
যোৰহাট।