চিন্তাকলি- পাৰ্থপ্ৰতীম শৰণীয়া (তামুলপুৰ)

চিন্তাকলি

নামি আহক একুঁকি সতেজতা
আমাৰ চিন্তাকলিত
যদি এখোজ দিব পাৰো
আজিয়ে।

সাগৰৰ দৰে হওক
বিস্তীৰ্ণতা সাৱতি
শিপাই যাওক জোৱাৰ তুলি তুলি
হৃদয়ে হৃদয়ে।

ছাঁয়াময় এন্ধাৰত
তুমুল বা মাৰলিত স্তব্ধ নহ’ব,
মুৰ তুলি থিয় হওক
গিৰিমালাৰ দৰে।

আকাশে দিয়াৰ দৰে
মাটিয়ে দিয়াৰ দৰে হওক,
নামি যাওক দুহাতৰ দুভৰিৰ খেলাত
সাহসেৰে উদ‍্যমেৰে।

বৰ্তমান আমাৰ
ভৱিষ্য আমাৰ
আমাৰ চিন্তাকলি
নৱ প্ৰভাতৰ নৱ জীৱনৰ।

পাৰ্থপ্ৰতীম শৰণীয়া
তামুলপুৰ