ভাৰতত অমিক্ৰণত আক্ৰান্তৰ ঘটনা ৭৮১ লৈ বৃদ্ধি
ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতত অমিক্ৰন কোভিড-১৯ প্ৰকাৰত যোৱা ২৪ ঘণ্টাত ১২৮ জন লোক আক্ৰান্ত হৈছে। যাৰ ফলত অমিক্ৰণত আক্ৰান্ত লোকৰ সংখ্যা ৭৮১ জন লৈ বৃদ্ধি হৈছে। দিল্লীত অমিক্ৰণত আক্ৰান্তৰ সংখ্যা ২৩৮ জন। মহাৰাষ্ট্ৰত ১৬৭ জনলোক আনহাতে গুজৰাট, কেৰালা, তেলেংগানাত ৬০ তকৈ অধিক লোক সংক্ৰমিত হৈছে।
