অভিজ্ঞতা- ঋত্বিজ ঠাকুৰ

Pc Shine Learning

অভিজ্ঞতা

২০১৭ চনৰ জুন মাহ। মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত উচ্চতৰ মাধ্যমিক অধ্যয়নৰ বাবে দেৱৰাজ ৰয় মহাবিদ্যালয়ত নামভৰ্তি কৰিছিলোঁ। মহাবিদ্যালয়ত নামভৰ্তি কৰাৰ দিনাৰে পৰা এটা সপোন আছিল মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ এজন সদস্য হম। তেতিয়া কিন্তু কোনো কাৰণত ভৱা নাছিলোঁ সাধাৰণ সম্পাদক হোৱাৰ কথা। লাহে লাহে সময়বোৰ বাগৰি গল, মহাবিদ্যালয়ৰ সেই সময়ৰ ছাত্ৰ একতা সভা সমূহ আৰু দাদা-বাইদেউহঁতৰ সৈতে মোৰ অতি ঘনিষ্ঠ সম্পৰ্ক গঢ় লৈ উঠিছিল । তেতিয়াই তেওঁলোকে মোক ২০১৯-২০ বৰ্ষৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত সাধাৰণ সম্পাদক পদত প্ৰতিদ্বন্দিতা আগবঢ়াবৰ বাবে কৈছিল। প্ৰথমে মই এই বিষয়ত ইমান মন দিয়া নাছিলোঁ যদিও পিছলৈ মোৰো মনটোৱে কৈছিল মই সাধাৰণ সম্পাদক পদটোত প্ৰতিদ্বন্দিতা আগবঢ়াব পাৰিম বুলি । সময় বাগৰিল, উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হলোঁ। কিন্তু তাৰ পিছত মোক মা-দেউতা তথা ঘৰৰ মানুহে স্নাতক শাখাত নামভৰ্তি কৰাৰ বাহিৰে আই.টি.আই পঢ়িবৰ বাবে যোৰ দিলে । মোৰ আই.টি.আই পঢ়িবৰ বাবে অলপো মন নাছিল, মোৰ মন আছিল দেৱৰাজ ৰয় মহাবিদ্যালয়ত স্নাতক শাখাত নামভৰ্ত্তি কৰি মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক পদত প্ৰতিদ্বন্দিতা আগবঢ়োৱা । কিন্তু উপায় নাপাই মই আই.টি.আই তো নামভৰ্তি কৰিলোঁ আৰু তাৰ সমান্তৰালভাৱে দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ স্নাতক শাখাত নামভৰ্তি কৰিলোঁ । সেই সময়ৰ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সদস্য, মহাবিদ্যালয়ৰ দাদা-বাইদেউ সকল আৰু বন্ধু-বান্ধৱ সকলে মোক ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক পদত প্ৰতিদ্বন্দিতা আগবঢ়াবৰ বাবে জোৰ দিছিল আৰু কেইজনমান দাদা, বন্ধু আহি আমাৰ ঘৰো পাইছিলহি ঘৰৰ মানুহক বুজাবৰ বাবে। দেউতাহঁতে প্ৰথমে কোনোপধ্যেই এই কথাত মান্তি হোৱা নাছিল যদিও পিছলৈ মান্তি হৈছিল আৰু কোনোদিনে ঘৰৰ বিপৰীতে নোযোৱা লৰাটো সেইসময়ত ঘৰৰ বিপৰীতে যাবলৈ বাধ্য হৈছিল। অৱশেষত সেই দিনটো আহিল মই সাধাৰণ সম্পাদক পদত প্ৰতিদ্বন্দিতা আগবঢ়োৱা কথাটো চূড়ান্ত হল। নমিনেশ্বন পেপাৰ দিলোঁ আৰু বিনাপ্ৰতিদ্বন্দিতাৰে সাধাৰণ সম্পাদক পদত জয়লাভ কৰিলোঁ। প্ৰথমেই ধন্যবাদ প্ৰতিজন দেৱৰাজীয়ানক যাৰ বাবে মই সাধাৰণ সম্পাদক হিচাপে দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ বাবে সেৱা আগবঢ়াবলৈ সুযোগ পালোঁ । সাধাৰণ সম্পাদক হিচাপে মই সফল নে বিফল সেইয়া দেৱৰাজীয়ানে বিচাৰ কৰিব । ২ বছৰ ৩ মাহ ৭ দিন ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক হিচাপে মহাবিদ্যালয় হকে কাম কৰাৰ সুযোগ লাভ কৰিছিলোঁ, প্ৰথমে ভয় লাগিছিল। ইমান এখন ডাঙৰ মহাবিদ্যালয়ত সাধাৰণ সম্পাদকৰ দৰে এটা গুৰু দায়িত্ব মই পালন কৰিব লাগিব । ৭ ছেপ্টেম্বৰ ২০১৯ তাৰিখে আমাৰ ছাত্ৰ একতা সভাৰ শপত গ্ৰহণ হল। সেইদিনাৰে পৰাই মহাবিদ্যালয়ৰ প্ৰতিটো সমস্যাক নিজৰ সমস্যা হিচাপে লৈ , প্ৰতিজন দেৱৰাজীয়ানৰ প্ৰতিটো সমস্যাক নিজৰ সমস্যা হিচাপে লৈ সমস্যাসমূহ সমাধান কৰাৰ চেষ্টা কৰিছিলোঁ। সেইসময়ত অহা কোভিড মহামাৰীৰ বাবে বিশ্ববিদ্যালয়ৰ কেলেণ্ডাৰত ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ কথা উল্লেখ নথকাৰ বাবে আমাৰ কাৰ্যকাল দুটা বছৰলৈ বঢ়াই দিয়া হৈছিল যদিও আধাখিনি সময় বন্ধতে পাৰ হৈছিল। মহাবিদ্যালয়ৰ নিৰ্দিষ্ট কামসমূহ সুচাৰুৰূপে পালন কৰাৰ উপৰিও অনান্য কামসমূহ ও সুচাৰুৰূপে পালন কৰাৰ চেষ্টা কৰিছিলোঁ । এই সময়ছোৱাত বহু বিশিষ্ট ব্যক্তিৰ সান্নিধ্য লাভ কৰিছিলোঁ, বহু নতুন নতুন অভিজ্ঞতা বুটলিবলৈ সক্ষম হৈছিলোঁ। বহু নজনা কথা শিকিছিলোঁ। যেতিয়া আন কোনোবাই মোক এইয়া দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ সাধাৰণ সম্পাদক বুলি চিনাকি কৰাই দিয়ে তেতিয়া মনটো খুবেই ভাল লাগে। বহু নতুন বন্ধু-বান্ধৱী, দাদা-বাইদেউ, ভাইটি-ভন্টি চিনাকি হল। মুঠতে এই সময়ছোৱা মোৰ জীৱনৰ এক টাৰ্ণিং পইণ্ট হব যাক কেতিয়াও কোনো কাৰণত পাহৰিব নোৱাৰোঁ । মোৰ এই কাৰ্যকালত মোক সহায় সহযোগ, দিহা পৰামৰ্শ আগবঢ়োৱা মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়কে প্ৰমুখ্য কৰি মহাবিদ্যালয়ৰ প্ৰতিজন শিক্ষাগুৰু, কৰ্মচাৰিবৃন্দ, দাদা-বাইদেউ, বন্ধু-বান্ধৱ, ভাইটি-ভন্টি তথা আমাৰ ছাত্ৰ একতা সভাৰ প্ৰতিজন সদস্যক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছো । মই প্ৰতিজন দেৱৰাজীয়ানৰ ওচৰত এজন সাধাৰণ সম্পাদক হিচাপে থকাতকৈ প্ৰথমে এজন দেৱৰাজীয়ান হৈ থাকিবলৈ চেষ্টা কৰিছিলোঁ। ডাঙৰক সন্মান আৰু সৰুক মৰম কৰি আগবাঢ়ি যাবৰ চেষ্টা কৰিছিলোঁ। অৱশেষত আজি সেই দিনটো আহিল । নৱনিৰ্বাচিত ছাত্ৰ একতা সভাই দায়িত্বভাৰ গ্ৰহণ কৰিলে । নৱনিৰ্বাচিত ছাত্ৰ একতা সভাৰ প্ৰতিজন সদস্যক শুভকামনা জ্ঞাপন কৰিছো আৰু মই প্ৰতিটো সময়ত তোমালোকৰ লগত থকাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছোঁ । সৰ্বশেষত জনাব বিচাৰোঁ যে, মই যদিও আজিৰ পৰা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক হৈ নাথাকোঁ , তথাপিও প্ৰতিজন দেৱৰাজীয়ানৰ লগত আগতে যিদৰে আছিলোঁ ঠিক তেনেদৰে আগলৈও থাকিম বুলি প্ৰতিজ্ঞাবদ্ধ হলোঁ। শেষত কওঁ প্ৰতিটো সময়ত দেৱৰাজীয়ানৰ লগত আছিলোঁ, আছোঁ আৰু থাকিম।
।। জয়তু দেৱৰাজ ৰয় মহাবিদ্যালয়।।
জয় আই অসম

 ঋত্বিজ ঠাকুৰ
প্ৰাক্তন সাধাৰণ সম্পাদক, দেৱৰাজ ৰয় মহাবিদ্যালয় ছাত্ৰ একতা সভা (২০১৯-২১)