আঁৰকাপোৰৰ  আবৃত্তি কৰ্মশালাৰ সামৰণি

আঁৰকাপোৰৰ  আবৃত্তি কৰ্মশালাৰ সামৰণি

ৰঙিলী বাৰ্ত্তাসেৱা-  সামাজিক সাংস্কৃতিক অনুষ্ঠান আঁৰকাপোৰৰ উদ্যোগত আয়োজিত আবৃত্তি কৰ্মশালা সফল সমাপ্তি ঘটে। আবৃত্তি কৰ্মশালাত প্ৰশিক্ষণ প্ৰদান কৰে বিশিষ্ট কবি আবৃত্তিকাৰ উপম শইকীয়াই। উক্ত কৰ্মশালাটিত শিশু কিশোৰ কিশোৰীকে ধৰি বিভিন্ন বয়সৰ বুজন সংখ্যক লোকে অংশ গ্ৰহণ কৰে। এই আবৃত্তি কৰ্মশালাত আবৃত্তি শিকোৱাৰ  উপৰিও অসমীয়া ভাষাৰ উচ্চাৰণ, ব্যাকৰণ, শব্দ প্ৰক্ষেপণৰ লগতে ব্যক্তিত্ব বিকাশত গুৰুত্ব প্ৰদান কৰা হয়।আঁৰকাপোৰৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা আবৃত্তি কৰ্মশালাৰ সামৰণি অনুষ্ঠানত প্ৰশিক্ষাৰ্থী সকলৰ লগতে উপস্থিত থাকে চতুর্থ আঁৰকাপোৰ নাট্য উৎসৱ উদযাপন সমিতিৰ সভাপতি অধীৰ চন্দ্র দাস, উপ সভাপতি ধৰ্মেন্দ্ৰ শৰ্মা, বিশিষ্ট নাট পৰিচালক মানবেন্দ্র ৰণহাং চৌধুীৰ, অভিনেতা, পৰিচালক ধীৰাজ কুমাৰ, অভিনেত্রী বিনীতা বড়ো। অনুষ্ঠানত উপস্থিত বিভিন্ন বক্তাই আবৃত্তিৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তাৰ উপলব্ধি কৰি আঁৰকাপোৰে আয়োজন কৰা আবৃত্তি কৰ্মশালাৰ প্ৰচেষ্টাক ভূয়সী প্ৰশংসা কৰাৰ  লগতে আগলৈও এনেধৰণৰ কাৰ্যসূচী নিৰবিচ্ছিন্নভাৱে চলাই যাবলৈ অনুৰোধ জনায়।