আন্তঃজিলা বাস্কেটবল প্ৰতিযোগিতা আৰম্ভ

Pc kiny

আন্তঃজিলা বাস্কেটবল প্ৰতিযোগিতা আৰম্ভ

ৰঙিলী বাৰ্ত্তাসেৱা-  অসম অলিম্পিক সন্থাৰ তত্বাবধানত গঠিত বাস্কেটবল পুনৰুত্থান ক’ৰ কমিটীৰ উদ্যোগত গুৱাহাটীৰ ৰয়েল গ্লোবেল বিশ্ববিদ্যালয় আৰু স্কুলত ৩৫ সংখ্যক আন্তঃজিলা বাস্কেটবল প্ৰতিযোগিতা আৰম্ভ হৈছে। আজি বিয়লি অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত অসমৰ ক্ৰীড়ামন্ত্ৰী বিমল বড়া, প্ৰাইড ইষ্ট এন্টাৰটেইনমেন্টৰ পৰিচালন সঞ্চালক ৰিণিকি ভূঞা শৰ্মা, বিধায়ক পৃথিৰাজ ৰাভা, সাংসদ কুইন ওজা, প্ৰদান বৰুৱা,পল্লৱ লোচন দাস, অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰ, প্ৰাগ নিউজৰ স্বত্বাধিকাৰী সঞ্জীৱ নাৰায়ণৰ লগতে ৰয়েল গ্লোবেল বিশ্ববিদ্যালয় আৰু স্কুলৰ শীৰ্ষ বিষয়ববীয়াসকল উপস্থিত থাকে। প্ৰতিযোগিতাখন জুনিয়ৰ (লৰা-ছোৱালী) আৰু ছিনিয়ৰ (পুৰুষ-মহিলা) শাখাত অনুষ্ঠিত হৈছে। আন্তঃজিলা বাস্কেটবল প্ৰতিযোগিতাখনত অসমৰ বিভিন্ন জিলাৰ ২৩০ জন প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে। প্ৰতিযোগিতাখন ১ ডিচেম্বৰত সামৰণি পৰিব।