গুৱাহাটীৰ ৰূপনগৰস্থিত চাহ জনজাতি কল্যাণ সঞ্চালকালয় সভাগৃহত ৫ম “শ্রমিক কল্যাণ দিৱস” পালন কৰা হয়

Pc twitter

গুৱাহাটীৰ ৰূপনগৰস্থিত চাহ জনজাতি কল্যাণ সঞ্চালকালয় সভাগৃহত ৫ম “শ্রমিক কল্যাণ দিৱস” পালন কৰা হয়

ৰঙিলী বাৰ্ত্তাসেৱা-  অসম চৰকাৰৰ শ্রমিক কল্যাণ বিভাগৰ দ্যোগত ২৩ নৱেম্বৰ, ২০২১ ইং তাৰিখে গুৱাহাটীৰ ৰূপনগৰস্থিত চাহ জনজাতি কল্যাণ সঞ্চালকালয় সভাগৃহত ৫ম শ্রমিক কল্যাণ দিৱসসাম্প্রতিক ’ভিড পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি সীমিত কাৰ্যসূচীৰে অনুষ্ঠিত হয়।  প্রায় সত্তৰ লাখ জনসমষ্টিৰে গঠিত চাহ জনগােষ্ঠী সমাজৰ আজিও শৈক্ষিক তথা বৌধিক দিশত পিছ পৰি আছেএই নিৰাশজনক পৰিদৃশ্যৰ মাজতাে বহুজনে জনগগাষ্ঠীটোৰ উন্নতিৰ হকে নিজৰ জীৱন উৎসর্গিত কৰি আহিছে আৰু তেওঁলােকৰ মহান নিস্বার্থ আৰু নিৰলস প্রচেষ্টাৰ বলত জনগােষ্টীটোৱে প্ৰগতিৰ পথত আগবাঢ়ি যাবলে কিছু পৰিমানে সক্ষম হৈছেসেইসকলৰ ভিতৰত আটছাপ্ৰতিষ্ঠাপক সম্পাদক সন্তোষ কুমাৰ তপ্ন এগৰাকি সুসংগঠক, সুলেখক তথা এজন শিক্ষাবিদ আৰু সমাজসেৱক আছিল সন্তোষ কুমাৰ তপ্নই জনগােষ্ঠীটোৰ শিক্ষিত যুৱচামক সংগঠিত কৰিবলৈ অহৰহ চেষ্টা চলাই আহিছিল, তেখেতৰ মহান কর্ম, আদর্শক নবপ্রজন্মৰ মাজত প্ৰসাৰ আৰু প্ৰচাৰ কৰাৰ উদ্দেশ্যৰে ৰাজ্য চৰকাৰে যােৱা ২০১৭ চনৰ পৰা প্ৰতিবছৰে তেখেতৰ জন্মৰ লগত সংগতি ৰাখি ২৩ নৱেম্বৰ দিনটো শ্রমিক কল্যাণ দিৱস হিচাপে পালন কৰি চাহজনগােষ্ঠীৰ জীৱনলৈ বিভিন্ন দিশত অবদান আগবঢ়াই অহা পৰিয়ালৰ লােক সকলক সম্বর্ধনা জনােৱাৰ লগতে চাহ জনগােষ্ঠীয় সমাজ জীৱনলৈ বিশিষ্ট বৰঙনি আগবঢ়োৱা লেখক, গবেষক, শিল্পী, ক্রীড়াবিদ, সমাজকর্মী সকলক বিশেষভাবে সম্বর্ধনা জনায় আহিছে।  চাহ জনগােষ্ঠীয় নেতা সন্তোষ কুমাৰ তপ্ন দেৱৰ জন্ম তিথি উপলক্ষে ৰাজ্য চৰকাৰে বিগত চাৰি বছৰে অনুষ্ঠিত কৰি অহা শ্রমিক কল্যাণ দিৱসআজি পঞ্চম বৰ্ষৰ বাবে গুৱাহাটীৰ ৰূপনগৰস্থিত চাহ জনজাতি কল্যাণ সঞ্চালকালয় সভাগৃহত আয়ােজিত কৰা হয়অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকে অসমৰ মাননীয় শ্রম মন্ত্রী শ্রী সঞ্জয় কিষাণ দের।  এই অনুষ্ঠানত শ্রমিক কল্যাণ বিভাগৰ মাননীয় মন্ত্রী সঞ্জয় কিষাণদেৱ লগতে বিভাগৰ প্রধান সচিব, আয়ুক্ত সচিব সমন্বিতে কেইবা গৰাকী জেষ্ঠ বিষয়া উপস্থিত থাকে মাননীয় মন্ত্রী শ্ৰীযুত সঞ্জয় কিষাণ দেৱে চাহ জনগােষ্ঠীয় নেতা প্রয়াত সন্তোষ কুমাৰ তপ্নৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জনাই অনুষ্ঠানৰ শুভাৰম্ভ কৰেঅনুষ্ঠানত মাননীয় মন্ত্রীমহােদয়ে সভাত উপস্থিত শ্ৰমিকসকলক সন্তোষ কুমাৰ তপ্নদেৱৰ আদৰ্শত চলিবলৈ আৰু শ্রমিক কল্যাণ বিভাগৰ দ্বাৰা ৰূপায়িত বিভিন্ন আচনিৰ সুবিধা বলৈ আহ্বান জনাইতেখেতে বিভাগৰ আচঁনি সমুহ শ্রমিক ৰাইজৰ মাজত নিবলৈ বিভাগৰ বিষয়া কৰ্মচাৰীক অহ্বান জনাইশ্রমিক কল্যাণ বিভাগৰ প্রধান সচিব মাননীয় স্ত্রী জে.বি এক্কাই শ্রমিক কল্যান বিভাগৰ বিভিন্ন আচঁনিৰ বিষয়ে শ্রমিক সকলক অবগত কৰাৰ লগতে কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ দ্বাৰা ৰূপায়িত বিভিন্ন আচঁনি যেনে বৃদ্ধ পেঞ্চন আচঁনি, বিধবা পেঞ্চন আচঁনি ইত্যাদি বিষয়ে অবগত কৰে।  এই অনুষ্ঠানত অসম গৃহ আৰু অন্যান্য নির্মাণ শ্রমিক কল্যাণ পৰিষদৰ হিতাধীকাৰী সকলৰ মাজত বিবাহ আৰু শিক্ষাৰ আর্থিক সাহায্য আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়ইয়াৰ উপৰিও সংগঠিত শ্ৰমিকৰ মাজত কেন্দ্রীয় শ্রম আৰু নিয়ােগ মন্ত্রণালয়ৰ শ্ৰম বিষয়ে অৱগত কৰাৰ লগতে শ্ৰমিকৰ পঞ্জীয়নৰ ব্যৱস্থা কৰা হয় আৰু মাননীয় শ্রমমন্ত্রী মহােদয়ে সংগঠিত শ্ৰমিকসকলৰ মাজত শ্রম কার্ড বিতৰণ কৰে।