২৪ নৱেম্বৰত কেবিনেট বৈঠক : নতুন ৰূপত সজোৱা হৈছে বঙাইগাঁও চহৰক

Pc As.time8.in

২৪ নৱেম্বৰত কেবিনেট বৈঠক : নতুন ৰূপত সজোৱা হৈছে বঙাইগাঁও চহৰক

ৰঙিলী বাৰ্ত্তাসেৱা-  নামনি অসমৰ অন্যতম প্ৰানকেন্দ্ৰস্বৰূপ বঙাইগাঁও চহৰত অহা ২৪ নৱেম্বৰত অনুষ্ঠিত হ’ব ৰাজ্যৰ কেবিনেট মিটিং ৷ যাৰ বাবে বঙাইগাঁও চহৰক ন-ৰূপত সজোৱা হৈছে ৷ এই কেবিনেট বৈঠক অনুষ্ঠিত হ’ব বঙাইগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ত ৷ যাৰ বাবে জিলা উপায়ুক্তৰ কাৰ্যালয়খন ন-ৰূপত সজোৱা হৈছে ৷মন্ত্ৰী সকলোৰ নৈশযাপনৰ ব্যবস্থা কৰা হৈছে বঙাইগাঁও আৱৰ্ত ভৱন , পূৰনী ডিচি বাংলো আৰু অভয়াপুৰী আৱৰ্ত ভৱন ৷ দিনে নিশা কাম কৰি বঙাইগাঁও আৱৰ্ত ভৱন , পুৰণি ডিচি বাংলোকো ন-ৰূপত সজোৱা হৈছে ৷ তদুপৰি বঙাইগাঁও চহৰৰ প্ৰায়বোৰ প্ৰধান বাট পথ বিশেষকৈ বঙাইগাঁও জিলা উপায়ুক্ত কাৰ্যালয় আৰু বঙাইগাঁও আৱৰ্ত ভৱন সংযোগী সকলো বাট পথ ব্লেক টপিং কৰি নতুন ৰূপ দিয়া হৈছে ৷ আৱৰ্ত ভৱন সংযোগী সকলো দেৱালত ৰং কৰাৰ লগতে পেইণ্টিং কৰা হৈছে ৷ চহৰ খনৰ মাজমজিয়াত অৱস্থিত বীৰ চিলাৰায় ফ্লাই অভাৰ খনো ৰং কৰি নতুন ৰূপে সজোৱা হৈছে ৷ স্থানীয় বিধায়ক ফণীভূষণ চৌধুৰীয়ে জনোৱা জনোৱা মতে ২৪ নৱেম্বৰত এই কেবিনেট বৈঠক অনুষ্ঠিত হ’ব যদিও মুখ্যমন্ত্ৰীকে ধৰি বাকী মন্ত্ৰী সকলে ২৩ নৱেম্বৰত বিয়লি ভাগত বঙাইগাঁৱত আহি পাবো ৷ ২৩ নৱেম্বৰত কেইবাটাও কাৰ্যসূচী ৰখা হৈছে ৷ বিধায়ক গৰাকীয়ে জনোৱা মতে ২৩ নৱেম্বৰত বঙাইগাঁও বীৰ চিলাৰায় উৰণীয়া সেঁতুত নিৰ্মীয়মাণ ক্লক টাৱাৰ , বঙাইগাঁও পৰিৱেশ উদ্যানত পাব্লিক একৰিয়াম আৰু বঙাইগাঁও কলেজৰ সন্মুখত ৱাকিং জ’নৰ উদ্ধোধন কৰা হ’ব৷ আৰু ২৪ তাৰিখ কেবিনেট বৈঠকৰ সমাপ্ত হোৱাৰ পাছত দুপৰীয়া আহাৰ গ্ৰহণ কৰা হ’ব ৷ আহাৰ গ্ৰহণৰ পাছতে বঙাইগাঁও ইন্ডিগেটেড জিলা উপায়ুক্ত কাৰ্যালয় ,পৌৰসভাৰ অধীনত তল মহলা সহ ৬ মহলীয়া মাৰ্কেট কমপ্লেক্স আৰু পিপিপি মডেলৰ এক গৃহ আঁচনিৰ আধাৰশিলা স্থাপন কৰিব বুলি জনাইছে বিধায়ক গৰাকীয়ে ৷ এতিয়া মাথো অপেক্ষা ২৪ নৱেম্বৰলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আৰু নতুন কি ঘোষণা কৰে বঙাইগাঁওবাসীৰ বাবে ৷ ইপিনে বঙাইগাঁৱত অনুষ্ঠিত হ’ব লগীয়া কেবিনেট বৈঠকত অতিথিক আদৰিবলৈ খাদ্য সম্ভাৰক লৈয়ো চলিছে ব্যাপক প্ৰস্তুতি ৷ ২৪ নৱেম্বৰত কেবিনেট বৈঠক অনুষ্ঠিত হ’ব যদিও সকলো মন্ত্ৰী বঙাইগাঁৱত ২৩ নৱেম্বৰত বিয়লি ভাগতে উপস্থিত হ’ব ৷ ২৩ নৱেম্বৰৰ নৈশ ভোজৰ আয়োজন কৰা হৈছে বঙাইগাঁও আৱৰ্ত ভৱনত ৷ উক্ত দিনা সাধাৰগণ আহাৰৰ ব্যৱস্থা কৰা হৈছে যদিও ২৪ নৱেম্বৰত দিনৰ আৰু নিশাৰ আহাৰক লৈ চলিছে ব্যাপক খাদ্য সম্ভাৰৰ প্ৰস্তুতি ৷ ২৪ নৱেম্বৰত দিনত প্ৰায় ৪০০ আৰু নিশা প্ৰায় ২৫০ জন ভিআইপি আদৰাৰ বাবে চলোৱা হৈছে ব্যাপক প্ৰস্তুতি ৷ দিনৰ আহাৰ কেবিনেট বৈঠক অনুষ্ঠিত হ’ব লগীয়া স্থান বঙাইগাঁও জিলা উপায়ুক্ত কাৰ্যালয়তে আয়োজন কৰা হৈছে। আৰু নিশাৰ আহাৰৰ ব্যৱস্থা কৰা হৈছে বঙাইগাঁও পৰিৱেশ উদ্যানত ৷ দিনৰ আৰু নিশাৰ খাদ্য ব্যঞ্জনত আছে পাঁচবিধ মাছ আৰু চাৰিবিধ মাংসৰ লগতে অন্যান্য ৷ মাংসৰ তালিকাত আছে মৰ্টন , পৰ্ক , লোকেল চিকেন আৰু হাঁহ ৷ ইপিনে মাছৰ তালিকাত আছে ইলিশ , পাবদা , ভেটকি, গলদা শিঙড়া আৰু লোকেল কাতলা ৷ এই খাদ্য সম্ভাৰৰ ভিতৰত ইলিশ , পাবদা , ভেটকি আৰু গলদা শিঙড়া মাছ আহিব কলকাতাৰ পৰা ৷ আকৌ যি কোনো ইলিশ নহয়৷ বাংলা দেশৰ সুস্বাদু পদ্মা নদীৰ ইলিশ মাছ থাকিব এই খাদ্য জুতিত ৷ কমেও ২.৫ কেজিৰ প্ৰতিখন ইলিশ মাছৰ উজনৰ সুস্বাদু ইলিশ মাছৰ অকল পেটৰ অংশ থাকিব এই খাদ্য জুতিত ৷ জুহা চাউলৰ জুতি লগাই অতিথি আপ্যায়নৰ বাবে এই খাদ্য সম্ভাৰৰ বাবে চলোৱা হৈছে ব্যাপক প্ৰস্তুতি ৷ তদুপৰি এই খাদ্য সম্ভাৰত থাকিব গংগা নদীৰ পাবদা মাছ ৷ নামনি অসমৰ প্ৰানকেন্দ্ৰস্বৰূপ ২৪ নৱেম্বৰত বঙাইগাঁৱত অনুষ্ঠিত হবলগীয়া এই কেবিনেট বৈঠক খন বঙাইগাঁৱৰ বাবে এক প্ৰকাৰ সন্মানৰ যুঁজ হৈ পৰিছে ৷ অগপ দলৰ জ্যেষ্ঠ নেতা , প্ৰাক্তন মন্ত্ৰী তথা বঙাইগাঁৱৰ বিধায়ক ফণীভূষণ চৌধুৰীৰ বাবেও এক সন্মানৰ যুজ হৈ পৰিছে এই কেবিনেট বৈঠকখন ৷ যাৰ বাবে বিধায়ক গৰাকীয়ে প্ৰায় সকলো ক্ষেত্ৰতে দিনে নিশাই আজি কেবাদিন ধৰি তৎপৰ হৈ পৰাটো পৰিলক্ষিত হৈছে ৷ খাদ্য সম্ভাৰতো যাতে বঙাইগাঁৱৰ সন্মানত হানি নহয় তাৰ বাবে বিধায়ক গৰাকীৰ তৎপৰতাতে চলিছে এই ৰসিক খাদ্য সম্ভাৰ ৷