দিল্লীত ৩৪ সংখ্যক সৰ্বভাৰতীয় ডাক বিভাগৰ মল্লযুঁজ প্ৰতিযোগিতা

Pc twitter

দিল্লীত ৩৪ সংখ্যক সৰ্বভাৰতীয় ডাক বিভাগৰ মল্লযুঁজ প্ৰতিযোগিতা

ৰঙিলী বাৰ্ত্তাসেৱা-  নতুন দিল্লীত ৩৪ সংখ্যক সৰ্বভাৰতীয় ডাক বিভাগৰ মল্লযুঁজ প্ৰতিযোগিতা আৰম্ভ হ’ব। টকিঅ অলিম্পিকত ব্রঞ্জ মেডেল বিজয়ী খেলুৱৈ বজবং পুনিয়া আৰু ভাৰতীয় অলিম্পিক দল প্রশিক্ষক অনিল মনে অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰিব। উল্লেখযোগ্য যে দিল্লীকে ধৰি দেশজুৰি ১১টা ডাক বিভাগৰ মণ্ডলে এই প্রতিযোগিতাত অংশগ্ৰহণ কৰিব। এই আন্তঃবিভাগীয় প্রতিযোগিতাখনত ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ খেলুৱৈকে ধৰি মুঠ ৯৮ গৰাকী মল্লযুঁজ খেলুৱৈয়ে অংশগ্ৰহণ কৰিব। উল্লেখযোগ্য যে ডাক বিভাগৰ মহুযুঁজ প্ৰতিযোগিতাৰ ইতিহাসত প্ৰথমবাৰৰ বাবে খিতাপ শিতান অন্তর্ভুক্ত কৰা হৈছে।