চৰকাৰৰ অব্যবহৃত আৰু সম্ভাৱনাৰ তুলনাত কমকৈ ব্যৱহাৰ হোৱা উপদানসমূহৰ পৰা উপাৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ

Pc India Today

চৰকাৰৰ অব্যবহৃত আৰু সম্ভাৱনাৰ তুলনাত কমকৈ ব্যৱহাৰ হোৱা উপদানসমূহৰ পৰা উপাৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ

ৰঙিলী বাৰ্ত্তাসেৱা-  প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কৈছে যে চৰকাৰে অব্যবহৃত আৰু সম্ভাৱনাৰ তুলনাত কমকৈ ব্যৱহাৰ হোৱা উপদানসমূহৰ পৰা উপাৰ্জন কৰাৰ সাহসী সিদ্ধান্ত গ্ৰহণ কৰিছে। তেওঁ কয় যে এনে সিদ্ধান্তৰ ফলস্বৰূপে দেশৰ অৰ্থ ব্যৱস্থা পুনৰ বিকাশৰ পথলৈ উভতি আহিছে আৰু সমগ্ৰ বিশ্বই ইয়াৰ প্ৰতি আদৰণি জনাইছে। নতুন দিল্লীৰ নিয়ন্ত্ৰক আৰু মহালেখা পৰীক্ষকৰ কাৰ্যালয় চৌহদত অনুষ্ঠিত প্রথম লেখা পৰীক্ষা দিৱসত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে এইদৰে প্ৰকাশ কৰে। মোদীয়ে কয় যে নিয়ন্ত্রক আৰু মহালেখা পৰীক্ষক দেশৰ উন্নয়নৰ এটা গুৰুত্বপূর্ণ অংশ। সংস্থাটোৱে উৎপাদনশীলতা আৰু দক্ষতাৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে বুলি প্ৰধানমন্ত্রীয়ে উল্লেখ কৰে।মোদীয়ে কয় যে এনে কিছুমানহে সংস্থা আছে যিবোৰ সময়ৰ লগে লগে অধিক শক্তিশালী, পৰিপক্ক আৰু প্ৰাসংগিক হৈ উঠিছে। তেওঁ কয় যে অধিকাংশ সংস্থাই কেইটামান দশকৰ পাছতে প্ৰাসংগিকতা হেৰুৱাই পেলাই কিন্তু নিয়ন্ত্ৰক আৰু মহালেখা পৰীক্ষক এনে ঐতিহ্য যাক প্ৰতিটো প্ৰজন্মই সুৰক্ষিত কৰি ৰখা উচিত। তেওঁ লগতে কয় যে পূর্বতে কেগ বনাম চৰকাৰ বুলি ভবা হৈছিল আৰু হিচাব-নিকাচৰ বিষয়টোৰ সৈতে আংশকা জড়িত হৈ আছিল।মোদীয়ে কয় যে সম্প্রতি এই মানসিকতাৰ সলনি হৈছে আৰু হিচাব-নিকাচৰ বিষয়টোক মূল্য সংযোজনৰ এটা গুৰুত্বপূৰ্ণ অংশ হিচাপে গণ্য কৰা হৈছে। কোভিড মহামাৰীৰ সন্দৰ্ভত মোদীয়ে কয় যে দেশৰ এই মহামাৰী বিৰোধী যুঁজখন সঁচাকৈয়ে অসাধাৰণ। তেওঁ কয় যে সম্প্রতি দেশত বিশ্বৰ সৰ্ববৃহৎ প্রতিষেধক প্রদান অভিযান চলি আছে আৰু কেইসপ্তাহমান পূর্বে দেশে ১০০ কোটি প্রতিষেধক প্ৰদানৰ সীমা অতিক্ৰম কৰিছে। নিয়ন্ত্ৰণ আৰু মহালেখা পৰীক্ষকৰ ভূমিকাক প্রশংসা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে সংস্থাটোৱে আধুনিক বিশ্লেষণাত্মক সঁজুলি, ভূ-স্থানিক তথ্য আৰু কৃত্রিম উপগ্রহযোগে লাভ কৰা চিত্ৰ ব্যৱহাৰ কৰি গোটেই প্ৰক্ৰিয়াটোৰ আধুনিকীকৰণ কৰিছে। তেওঁ কয় যে একবিংশ শতিকাত তথ্য অতিকে গুৰুত্বপূৰ্ণ আৰু অনাগত সময়ত তথ্যৰ মাধ্যমেৰেই আমাৰ ইতিহাসৰ বিষয়েও অনুধাবন কৰিব পৰা যাব। নিয়ন্ত্ৰক আৰু মহালেখা পৰীক্ষক গিৰীশ মুমুৱে অনুষ্ঠানত অংশগ্ৰহণ কৰি কয় যে আজিৰ দিনটো প্রথম লেখা পৰীক্ষা দিৱস হিচাপে বাচনি কৰা হৈছে। তেওঁ কয় যে ১৮৬০ চনৰ ১৬ নৱেম্বৰত প্ৰথমগৰাকী মহালেখা পৰীক্ষকে কার্যভাৰ গ্ৰহণ কৰিছিল আৰু এতিয়াৰে পৰা প্ৰতি বছৰে ১৬ নৱেম্বৰত লেখা পৰীক্ষা দিৱস পালন কৰা হ’ব। এই উপলক্ষে প্রধানমন্ত্ৰীয়ে নিয়ন্ত্ৰক আৰু মহালেখা পৰীক্ষকৰ কাৰ্যালয়ত চৰ্দাৰ বল্লভভাই পেটেলৰ এটা আৱক্ষ মূর্তিও উন্মোচন কৰে। কেগ স্থাপনৰ ঐতিহাসিক মুহূর্ত আৰু বিগত সময়ছোৱাত সংস্থাটোৱে প্রশাসন, স্বচ্ছতা, দায়বদ্ধতাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ চিনস্বৰূপে এই দিৱস পালন কৰা হয়।