উগ্ৰপন্থীৰ আক্ৰমণত শ্বহীদ হোৱা আছাম ৰাইফলছৰ জোৱান সুমন স্বৰ্গীয়াৰীৰ শেষকৃত্য সম্পন্ন

pc- Facebook

উগ্ৰপন্থীৰ আক্ৰমণত শ্বহীদ হোৱা আছাম ৰাইফলছৰ জোৱান সুমন স্বৰ্গীয়াৰীৰ শেষকৃত্য সম্পন্ন

ৰঙিলী বাৰ্ত্তাসেৱা- মণিপুৰৰ চুৰাচান্দপুৰ জিলাত উগ্ৰপন্থীৰ আক্ৰমণত শ্বহীদ হোৱা আছাম ৰাইফলছৰ জোৱান বাক্সা জিলাৰ থৈকৰাকুছিৰ সুমন স্বৰ্গীয়াৰীৰ শেষকৃত্য সম্পন্ন হয়। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস শেষকৃত্য অনুষ্ঠানত উপস্থিত থাকে। সুমন স্বৰ্গীয়াৰীৰ নশ্বৰদেহ যোৱা কালি ৭.৩০ বজাত বিশেষ বিমানেৰে গুৱাহাটীলৈ অনা হৈছিল। বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমান বন্দৰত স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই জোৱানগৰাকীৰ নম্বৰদেহত ম্যালাৰ্পৰ্ণেৰে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা শেষ শ্রদ্ধা নিবেদন কৰিছিল। ইয়াৰ পাছতে স্বাস্থ্যমন্ত্ৰীয়ে ছহিদগৰাকীৰ পৰিয়ালক দেখা কৰাৰ লগতে শেষকৃত্য অনুষ্ঠানত অংশগ্ৰহণৰ বাবে বাক্সালৈ ৰাওনা হৈছিল। ইয়াৰ পূৰ্বে ছহিদগৰাকীৰ পৰিয়াললৈ অসম চৰকাৰে ৫০ লাখ টকাৰ সাহায্য ঘোষণা কৰিছে। ৰাজ্যৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই কালি শ্বহীদগৰাকীৰ বাসগৃহত উপস্থিত-হৈ পৰিয়ালৰ সদস্যৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে।