কেন্দ্ৰীয় চৰকাৰৰ নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থটো গোট স্থাপনৰ বাবে কাৰখানাটোৰ সৈতে জড়িত সকলো পক্ষক লৈ বৈঠকৰ আয়োজন

pc- Facebook

কেন্দ্ৰীয় চৰকাৰৰ নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থটো গোট স্থাপনৰ বাবে কাৰখানাটোৰ সৈতে জড়িত সকলো পক্ষক লৈ বৈঠকৰ আয়োজন

ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় সাৰ আৰু ৰসায়ন  মন্ত্রী মনছুখ মাণ্ডাভিয়াক সাক্ষাৎ কৰাৰ পিছতেই কেন্দ্ৰীয় সাৰ আৰু ৰসায়ন মন্ত্ৰালয়ে ব্রহ্মপুত্র ভেলী ফার্টিলাইজাৰ কৰ্প’ৰেচন লিমিটেডক উক্ত ধনৰাশি মোকলাই দিয়ে।মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই কথা টুইটাৰযোগে প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় সাৰ আৰু ৰসায়ন মন্ত্ৰীজনক সাক্ষাৎ কৰাৰ পিছত জনাইছিল যে কেন্দ্ৰই সাৰ কাৰখানাটোৰ দ্বিতীয় আৰু তৃতীয় গোট পুনৰুজ্জীৱিত কৰাৰ বাবে এক সপ্তাহৰ ভিতৰত ১০০ কোটি টকা মোকলাই দিব। কেন্দ্ৰীয় সাৰ আৰু ৰসায়ন মন্ত্ৰীজনক সাক্ষাতৰ কিছু সময় পিছতেই সাৰ মন্ত্ৰালয়ে ধনৰাশি মোকলাই দিয়াটো অতি তাৎপর্যপূর্ণ। মুখ্যমন্ত্ৰী ড° শৰ্মাই টুইটাৰযোগে প্ৰকাশ কৰিছে যে নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থটো গোট স্থাপনৰ বাবে কেন্দ্ৰীয় চৰকাৰে সাৰ কাৰখানাটোৰ সৈতে জড়িত সকলো পক্ষক লৈ এখন বৈঠকৰ আয়োজন কৰিছে বুলি।