ভাৰতত ৪১৬ জন লোকৰ কৰʼনা সংক্ৰমণৰ ফলত মৃত্যু

Pc- The new york times

ভাৰতত ৪১৬ জন লোকৰ কৰʼনা সংক্ৰমণৰ ফলত মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতত যোৱা ২৪ ঘণ্টাত নতুনকৈ ১২,৮৮৫ জনলোক কৰʼনাত আক্ৰান্ত হৈছে। ৪১৬ জন লোকৰ নতুনকৈ কৰʼনা সংক্ৰমণৰ ফলত মৃত্যু হয়। ভাৰতত যোৱা ২৪ ঘণ্টাত ১৫,০৫৪ জন লোক কৰʼনা সংক্ৰমণৰ পৰা সুস্থ হৈ উঠিছে। ভাৰতত বৰ্তমান সক্ৰিয় ঘটনা ১,৪৮,৫৭৯ টা আছে। কৰʼনা সংক্ৰমণৰ ফলত ভাৰতত মুঠ ৪,৫৯,৬৫২ জন লোকৰ মৃত্যু হৈছে। নতুনকৈ কৰʼনাত সংক্ৰমিত হোৱা লোক সকলৰ ভিতৰত কেৰালাৰ ৭,৩১২জন লোক আছিল। আৰু ৩৬২ জন লোকৰ মৃত্যু হৈছিল।