কপʼ২৬ জলবায়ু সম্মিলনত ভাৰতৰ তামিলনাডুৰ ১৪ বছৰীয়া বিনিশা উমাশংকৰৰ ভাষণ

pc- sandesh

কপʼ২৬ জলবায়ু সম্মিলনত ভাৰতৰ তামিলনাডুৰ ১৪ বছৰীয়া বিনিশা উমাশংকৰৰ ভাষণ

ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতৰ তামিলনাডুৰ ১৪ বছৰীয়া কিশোৰী বিনিশা উমাশংকৰে স্কটলেণ্ডৰ গ্লাছগ’ত চলি থকা কপʼ২৬ জলবায়ু সম্মিলনত ভাষণ দি বিশ্ববাসীৰ হৃদয় জিনিবলৈ সক্ষম হৈছে।বিনিশা উমাশংকৰক ব্ৰিটিছ ৰাজকুমাৰ উইলিয়ামে ৰাষ্ট্ৰসংঘৰ এই জলবায়ু সম্মিলনত ভাষণ দিবলৈ আমন্ত্রণ জনাইছিল। স্বচ্ছ প্রযুক্তি আৰু ইয়াৰ উদ্ভাৱন সন্দৰ্ভত ভাষণ দিয়াৰ আমন্ত্ৰণ লাভ কৰাৰ পিছতে বিনিশাই ৰাষ্ট্ৰসংঘৰ জলবায়ু সম্মিলনত অংশগ্ৰহণ কৰে। বিনিশাই বিশ্ব নেতৃত্বই সদায় জলবায়ু পৰিৱৰ্তনৰ মোকাবিলাৰ ক্ষেত্ৰত ভুৱা প্ৰতিশ্ৰুতি প্ৰদান কৰি অহা বিষয়টোত নিজৰ প্ৰজন্মৰ কিশোৰ কিশোৰীসকল অতি ক্ষুব্ধ তথা হতাশ বুলি উল্লেখ কৰে। পৃথিৱী গ্ৰহক ৰক্ষা কৰিবলৈ বিশ্ব নেতৃত্বই বাস্তবসম্মত ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলিও ভাষণত উল্লেখ কৰে বিনিশাই।ভাৰতৰ প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদী, ব্ৰিটিছ প্ৰধানমন্ত্রী বৰিছ জনছন আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনৰ দৰে নেতাসকল বিনিশাৰ এই ভাষণ প্ৰদানৰ সময়ত সম্মিলনত উপস্থিত আছিল।