কমিউনিষ্ট ৰাষ্ট্ৰৰ যুৱ প্ৰজন্ম ভোগবাদৰ চিকাৰ

Pc- National Debt Relief

কমিউনিষ্ট ৰাষ্ট্ৰৰ যুৱ প্ৰজন্ম ভোগবাদৰ চিকাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- প্রতিবেদন অনুসৰি চীনত ১৮ৰ পৰা ৩২ বছৰৰ ভিতৰত যুৱ প্ৰজন্মৰ ৮৬.৬ শতাংশ ঋণগ্রস্ত। ১৯৯০ চনৰ সময়ছোৱাত চীনত জন্মগ্রহণ কৰা ১৭৫ নিযুত লোক ঋণগ্রস্ত। এই যুৱ প্ৰজন্মৰ মানসিকতা হৈছে বৰ্তমান ক্ৰয় কৰিব লাগে আৰু পৰৱৰ্তী সময়ত ধন আদায় দিব লাগে। টাইবান নিউজে সদৰী কৰিছে এই তথ্য। চীনৰ যুৱ প্ৰজন্মসকলে ক্ৰয়ৰ সক্ষমতা নাথাকিলেও অধিক মূল্যৰ উচ্চমানৰ সামগ্ৰী ক্ৰয় কৰিবলৈ পছন্দ কৰে। ফলত ঋণ গ্ৰহণৰ প্ৰৱণতা বৃদ্ধি পাইছে এই তৰুণ তথা যুৱ প্ৰজন্মৰ মাজত। ইয়াৰ উপৰি বৰ্তমান চীনৰ যুৱ প্ৰজন্ম কর্মবিমুখ বুলিও প্রতিবেদনত উল্লেখ কৰা হৈছে।