ক’ভিডৰ সংক্ৰমণ ৰোধৰ বাবে গুৱাহাটীত কঠোৰ হ’ব জিলা প্ৰশাসন

ক’ভিডৰ সংক্ৰমণ ৰোধৰ বাবে গুৱাহাটীত কঠোৰ হ’ব জিলা প্ৰশাসন

ৰঙিলী বাৰ্ত্তাসেৱা-  গুৱাহাটীত পুনৰ আৰম্ভ হৈছে ক’ভিডৰ দ্ৰুত সংক্ৰমণ।যাৰ ফলত অধিক চিন্তিত হৈ পৰিছে জিলা প্ৰশাসন।গুৱাহাটীত যাতে ক’ভিডৰ অধিক সংক্ৰমন হ’ব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ মহানগৰ জিলা প্ৰশাসনে বিশেষ গুৰুত্ব আৰোপ কৰিছে।ক’ভিডৰ সংক্ৰমণ ৰোধৰ বাবে গুৱাহাটীত কঠোৰ হ’ব জিলা প্ৰশাসন। মাস্ক পিন্ধাটো হ’ব বাধ্যতামূলক কৰা হৈছে।মাস্ক নিপিন্ধিলে বিহা হ’ব ৫০০ টকাকৈ জৰিমনা।উল্লেখযোগ্য যে,মহানগৰত ক’ভিডৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ ফলত ইতিমধ্যে ঘোষণা কৰা হৈছে কণ্টেইনমেণ্ট জ’ন।ৰূপনগৰৰ এটা অঞ্চলক ঘোষণা কৰা হৈছে কণ্টেইনমেণ্ট জ’ন।কণ্টেইনমেণ্ট জ’ন ঘোষণা মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকি কোষৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত।এই কাৰ্যালয়ত কৰ্মৰত ১১ জন বিষয়া কৰ্মচাৰীৰ দেহত ধৰা পৰিছিল ক’ভিড-১৯।মহানগৰত বৃহস্পতিবাৰৰ দিনা দুখনকৈ বিদ্যালয় কামৰূপ জিলা প্ৰশাসনে ক’ভিড সংক্ৰমণৰ বাবে কণ্টেইমেণ্ট জ’ন ঘোষণা কৰি বন্ধ কৰি দিছে।