কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহলৈ ৪৪ হাজাৰ কোটি টকা মুকলি
ৰঙিলী বাৰ্ত্তাসেৱা– কেন্দ্রীয় বিত্ত মন্ত্রালয়ে এক বিবৃতিযোগে ঘোষণা কৰিছে যে দেশৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহলৈ বাকী থকা জি এছ টি ক্ষতিপূৰণৰ ধন মুকলি কৰি দিয়ে।এক বিবৃতিযোগে কেন্দ্রীয় বিত্ত মন্ত্রালয়ে ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহলৈ ৪৪ হাজাৰ কোটি টকা মুকলি কৰি দিয়া বুলি ঘোষণা কৰিছে। বিবৃতি অনুসৰি অসমলৈ ৪৯০.৭৬ কোটি প্ৰদান কৰে।