চীনত কৰʼনাৰ সংক্ৰমণ পুনৰ বৃদ্ধি 

Pc- The Guardian

চীনত কৰʼনাৰ সংক্ৰমণ পুনৰ বৃদ্ধি 

ৰঙিলী বাৰ্ত্তাসেৱা-  চীনত কৰʼনাৰ সংক্ৰমণ পুনৰ বৃদ্ধি পোৱাৰ লগ লগে চীনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। এটা সপ্তাহত দেশখনৰ ১১ খনকৈ প্ৰদেশত শতাধিক লোক কৰʼনাত সংক্ৰমিত হৈছে। কৰʼনা সংক্ৰমণ বৃদ্ধি পোৱা বাবে  এই ১১খন প্ৰদেশত চীনে কঠোৰ লকডাউন জাৰি কৰিছে। ৰাষ্ট্ৰীয় স্বাস্থ্য আয়োগ (এনএইচচি)ৰ মুখপাত্র মি ফেঙে উল্লেখ কৰা অনুসৰি ১৭ অক্টোবৰৰ পৰা চীনত ক’ভিডৰ নতুন সংক্ৰমণ আৰম্ভ হৈছে। এই সংক্ৰমণৰ ফলত কেইবাখনো প্ৰদেশত সৃষ্টি হৈছে আতংক। প্রশাসনে ইনাৰ মংগোলীয়া অঞ্চলৰ ইজিন কাউণ্টীৰ পৰা কেইবাজনো লোক ক’ভিডত সংক্ৰমিত হোৱা বুলি ধাৰণা কৰিছে। প্রশাসনে এই অঞ্চলটোৰ ৩৫,৭০০ লোকক গৃহবন্দী কৰিছে। এই লোকসকলক ঘৰৰ বাহিৰলৈ ওলালেই কঠোৰ শাস্তি প্ৰদান কৰা হ’ব বুলি স্পষ্ট কৰি দিছে চৰকাৰে। এই মুহূৰ্তত ইজিন হৈ পৰিছে হটস্পট।  চীনে কোনো কাৰণতে ইজিনৰ পৰা পূৰ্বৰ য়ুহানৰ দৰে সংক্রমণ ঘটিবলৈ দিব নোৱাৰে। সেইবাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।