‘ইণ্ডিয়ান আইডল ১২’ খিতাপ দখল কৰা পৱনদীপ ৰাজনে এইবাৰ কণ্ঠদান কৰিছে এটি অসমীয়া গীতত ইউটিউবত জনপ্ৰিয়তা অৰ্জন ‘পগলা ফাগুণে’ শীৰ্ষক গীতটিৰ

rongilibarta

‘ইণ্ডিয়ান আইডল ১২’ খিতাপ দখল কৰা পৱনদীপ ৰাজনে এইবাৰ কণ্ঠদান কৰিছে এটি অসমীয়া গীতত ইউটিউবত জনপ্ৰিয়তা অৰ্জন ‘পগলা ফাগুণে’ শীৰ্ষক গীতটিৰ

ৰঙিলী বাৰ্ত্তাসেৱা – ইণ্ডিয়ান আইডল ১২’ খিতাপ দখল কৰা পৱনদীপ ৰাজনে এইবাৰ কণ্ঠদান কৰিছে এটি অসমীয়া গীতত। ‘পগলা ফাগুণে’ শীৰ্ষক অসমীয়া গীতটিত কণ্ঠ নিগৰালে সুন্দৰ কণ্ঠৰে কোটি কোটি জনতাৰ হৃদয়ত স্থান লাভ কৰা পৱনদীপে। অতি সুন্দৰ লোকেচনত এই গীতটোৰ ভিডিঅ’ নিৰ্মাণ কৰা হৈছে।সুৰ প্ৰডাকচনৰ এই গীতটি ৰচনা কৰিছে মনদীপ গগৈয়ে আৰু সংগীত বিভূতি গগৈৰ। অভিনয় কৰিছে সমীৰন মোহন আৰু মনিকা শৰ্মাই। কৰিঅ’গ্ৰাফ কৰিছে দীপু নেওগে।গীতটি পৰিচালনা কৰিছে মনদীপ গগৈয়ে। ইতিমধ্যে ‘পগলা ফাগুণে’ শীৰ্ষক গীতটিয়ে ইউটিউবত জনপ্ৰিয়তা অৰ্জন কৰিছে।