অসমত পাক সন্ত্ৰাসবাদী সংগঠনৰ ভয়ংকৰ কূটাঘাতৰ ব্লুপ্ৰিণ্ট জন সমাগম হোৱা স্থানত বিস্ফোৰণৰ ভাবুকি আইএছআই, অল কায়দাৰ সমগ্ৰ অসমতে ৰেড এলাৰ্ট জাৰি কৰিছে অসম আৰক্ষীয়ে

rongilibarta

অসমত পাক সন্ত্ৰাসবাদী সংগঠনৰ ভয়ংকৰ কূটাঘাতৰ ব্লুপ্ৰিণ্ট জন সমাগম হোৱা স্থানত বিস্ফোৰণৰ ভাবুকি আইএছআই, অল কায়দাৰ সমগ্ৰ অসমতে ৰেড এলাৰ্ট জাৰি কৰিছে অসম আৰক্ষীয়ে

ৰঙিলী বাৰ্ত্তাসেৱা – অসমত পাক সন্ত্ৰাসবাদী সংগঠনৰ ভয়ংকৰ কূটাঘাতৰ ব্লুপ্ৰিণ্ট।অসম অশান্ত কৰাৰ বাবে অল-কায়দাই জাৰি কৰিছে ভিডিঅ’৷চোৰাংচোৱাৰ হাততো আহি পৰিছে অল-কায়দাৰ এই ভিডিঅ’ বাৰ্তা।আই ই ডি তথা বোমা বিস্ফোৰণৰ ভাবুকি আইএছআই-অল কায়দাৰ।জন সমাগম হোৱা স্থান,ৰে’ল ষ্টেচন, বাছ আস্থান, ধৰ্মীয় অনুষ্ঠান আদিত বিস্ফোৰণৰ ভাবুকি।অসমত সংখ্যালঘুৰ ওপৰত হোৱা অত্যাচাৰৰ বিৰুদ্ধে এই ভাবুকি প্ৰদান কৰিছে।চোৰাংচোৱাৰ তথ্য লাভৰ পাছতে এতিয়া প্ৰতিখন জিলাৰ আৰক্ষী অধীক্ষকলৈ জৰুৰী বাৰ্তা প্ৰেৰণ কৰা হৈছে।জনসমাগম হোৱা অঞ্চল, ৰে’লৱে ষ্টেচন আদিৰ লগতে বিভিন্ন ৰাজহুৱা স্থানত কূটাঘাত কৰাৰ আশংকাৰে অসম আৰক্ষীক সষ্টম হৈ থকাৰ নিৰ্দেশ দিয়া হৈছে।অসমত কূটাঘাত কৰাৰ আশংকাৰে সমগ্ৰ অসমতে ৰেড এলাৰ্ট জাৰি কৰিছে অসম আৰক্ষীয়ে।