পুৰুষৰ টি-টুৱেণ্টি ক্রিকেট বিশ্বকাপত কালি গ্রুপ পৰ্যায়ৰ খেলত স্কটলেণ্ডে বাংলাদেশক ৬ ৰানত পৰাজিত কৰে

pc Dawn

পুৰুষৰ টি-টুৱেণ্টি ক্রিকেট বিশ্বকাপত কালি গ্রুপ পৰ্যায়ৰ দ্বিতীয়খন খেলত স্কটলেণ্ডে বাংলাদেশক ৬ ৰানত পৰাজিত কৰে

ৰঙিলী বাৰ্ত্তাসেৱা – অ’মানত চলি থকা পুৰুষৰ টি-টুৱেণ্টি ক্রিকেট বিশ্বকাপত কালি গ্রুপ পৰ্যায়ৰ দ্বিতীয়খন খেলত স্কটলেণ্ডে বাংলাদেশক ৬ ৰানত পৰাজিত কৰে। খেলখনত স্কটলেণ্ডে প্রথমে বেট ধৰি নিৰ্ধাৰিত ২০ অভাৰত ৯টা উইকেট হেৰুৱাই ১৪০ ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত বাংলাদেশে নিৰ্ধাৰিত অভাৰত ৭টা উইকেটৰ বিনিময়ত ১৩৪ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়। ইয়াৰ পূৰ্বে গ্ৰুপ পৰ্যায়ৰ প্ৰথমখন খেল অ’মানে পাপুৱা নিউগিনিক ১০ উইকেটত পৰাজিত কৰে। ভাৰতীয় দলটোৱে আজি অনুশীলন খেলত ইংলেণ্ডৰ বিৰুদ্ধে খেলিব। ভাৰতীয় সময় অনুসৰি সন্ধিয়া চাৰে ৭ বজাত ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত খেলখন আৰম্ভ হ’ব। উল্লেখযোগ্য যে, পুৰুষৰ টি-২০ ক্রিকেট বিশ্বকাপ প্রতিযোগিতা পূর্বে ভাৰতত অনুষ্ঠিত হোৱাৰ কথা আছিল। অৱশ্যে ভাৰতীয় ক্রিকেট নিয়ন্ত্রক বোর্ডেই এই প্রতিযোগিতাৰ আয়োজক হৈ থাকিব। সংযুক্ত আৰৱ আমেৰী ৰাষ্ট্ৰই ডুবাই, শ্বাজাহ আৰু আবু ধাবিত হ’বলগীয়া চুপাৰ টুৱেলভ আৰু নক-আউট পৰ্যায়ৰ খেলসমূহ অনুষ্ঠিত কৰিব। অমানত ছুপাৰ টুৱেলভৰ কোৱালিফায়াৰ খেলসমূহ অনুষ্ঠিত হ’ব। কোৱালিফায়াৰৰ শীৰ্ষ চাৰিটা দলে ২৩ অক্টোবৰৰ পৰা হ’বলগীয়া ছুপাৰ টুৱেলভ পৰ্যায়ৰ খেলত ভাৰত, ৱেষ্ট ইণ্ডিজ, অষ্ট্রেলিয়া, দক্ষিণ আফ্রিকা, আফগানিস্তান, পাকিস্তান, ইংলেণ্ড আৰু নিউজিলেণ্ডৰ সৈতে খেলিব। ছুপাৰ টুৱেলভ খেল আৰম্ভ হোৱাৰ পূৰ্বে শীৰ্ষৰ আঠটা দলে প্রস্তুতি খেলত পৰস্পৰৰ মুখামুখি হ’ব। ডুবাইত অহা ২৪ অক্টোবৰত হ’বলগীয়া এখন খেলত ভাৰতে, পাকিস্তানৰ বিৰুদ্ধে খেলিব। ভাৰতীয় দলটোৱে আজি ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত হ’বলগীয়া প্ৰথমখন প্রস্তুতি খেলত ইংলেণ্ডৰ বিৰুদ্ধে খেলিব। প্রতিযোগিতাৰ খেলসমূহ সংযুক্ত আৰব আমেৰী ৰাষ্ট্ৰ আৰু ওমানৰ চাৰিটা স্থানত অনুষ্ঠিত হ’ব।