আন্দামান নিকোবৰৰ হেৰিয়েট পর্বতক মণিপুৰ পৰ্বত হিচাপে নামাকৰণ
ৰঙিলী বাৰ্ত্তাসেৱা – কেন্দ্ৰীয় চৰকাৰে আন্দামান নিকোবৰত থকা হেৰিয়েট পর্বতক মণিপুৰ পৰ্বত হিচাপে নামাকৰণ কৰিছে। আজাদী কা অমৃত মহোৎসৱৰ সৈতে সংগতি ৰাখি আন্দামান নিকোবৰ দ্বীপপুঞ্জত আয়োজন কৰা বিশেষ অনুষ্ঠানত অংশ লৈ কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে এই কথা ঘোষণা কৰিছে। মণিপুৰৰ স্বাধীনতা সংগ্ৰামীসকলৰ অৱদানলৈ স্বীকৃতি জনোৱাৰ উদ্দেশ্যে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে সদৰী কৰিছে।