ওদাগুৰি জিলা বাথৌ মহা সভাৰ ৩১ তম বাৰ্ষিক অধিবেশনৰ অভ্যৰ্থনা সমিতি গঠন
১৬ অক্টোবৰ, ৰঙিলী বাৰ্ত্তাসেৱা – বিটিআৰ ওদালগুৰি জিলা বাথৌ মহা সভাৰ ২০২১-২২ বৰ্ষৰ ৩১ তম বাৰ্ষিক অধিবেশন অহা জানুৱাৰী মাহত ওদালগুৰি জিলাৰ খৈৰাবাৰীত উলহ- মালহেৰে উদযাপন কৰা হ’ব। যাৰ পৰিপেক্ষিতত অধিৱেশনক লৈ এতিয়াৰে পৰা প্ৰস্তুতি অব্যাহত ৰাখিছে। সন্দৰ্ভত আজি বিটিআৰ ওদালগুৰি জিলা খৈৰাবাৰী বাথৌ মন্দিৰত বাথৌ মহাসভাৰ জিলা সমিতিৰ বিষয়ববীয়াৰ সৈতে এখনী বৈঠক আয়োজন কৰা হয়। শ্লিষ্টত এখনী অভ্যৰ্থনা সমিতি গঠন কৰি আৰু অহা ইংৰাজী ২০২২ বৰ্ষৰ জানুৱাৰী মাহৰ ২৯,৩০ তাৰিখে বাথৌ মহাসভাৰ বাৰ্ষিক অধিবেশন উদযাপন কৰাৰ ফলপ্ৰসূ কৰাৰ বাবে আগতিয়াকৈ প্ৰস্তুতি বাহাল ৰখাৰ বাবে আজি অভৰ্থনা সমিতি গঠন কৰে । আৰু অভ্যৰ্থনা সমিতি খন সভাপতি হিচাপে মহেশ্বৰ বড়ো , (প্ৰাক্তন বিধায়ক) , কাৰ্যকৰী সভাপতি খগেন বসুমতাৰী, সাধাৰণ সম্পাদক মনমিল বড়ো, বিত্ত সচিব মহেন্দ্ৰ স্বৰ্গীয়াৰী আৰু বিত্ত সম্পাদক মুংখ্লংসা খুংগুৰ বড়োক লৈ গঠন কৰি দায়িত্ব ভাৰ অৰ্পন কৰে।