শৰতৰ মহিমা-কৌশল্যা বৰা

pc Printerest

শৰতৰ মহিমা

পুৱতি দুবৰিৰ কোমল দলিচাত
শৰৎৰাণী শেৱালি বহি
আলফুলে কোলাত লয়
জিকিমিকি নিয়ৰৰ মুকুতামণি
সৌন্দর্যৰ মেলাত ৰং দিয়ে সিচি।
সন্ধিয়াৰ আকাশত ঢৌ খেলে
তৰাৰ বুটা বছা নীলা চাদৰৰ আঁচল
অপাৰ্থিৱ জ্যোতিস্কৰ মায়াময় খেল,
তলত—
ৰঙা সন্ধিয়াৰ কোমল বৰ্ণৰেখাৰ
অবুজ মিতিৰালি ফটিক জলৰাশিৰে
পাৰত জোনালীৰ মেল।
গোপীনীৰ হৰ্ষোল্লাসৰ ধ্বনিৰে
মুখৰিত যমুনাৰ পাৰ,
ত্ৰাণকৰ্তা গোপালে কথা দিছে
যত গোপী তত কৃষ্ণ হৈ
মহালীলা কৰিব ভকতৰ সতে।
ইফালে অষ্টভূজাৰ আৰতিত
মুখৰিত চৌদিশ
অসূয়াৰহিত শান্তিৰ মাংগলিক আহ্বান।
যোগমায়াৰ পুনৰাবিৰ্ভাৱ
বন্ধ হ’ব বাহুবলী স্বাৰ্থপৰৰ
আত্মৰক্ষাৰ অজ্ঞ কৌশল-!
নপৰে চিটিকি
আৰু কোনো যোগমায়া
অশুদ্ধ হৃদয়, মস্তিস্কৰ দুৰ্জ্জনৰ
হাতৰ পৰা।
নাথাকিব সভ্যতাৰ বুৰঞ্জীত
কোনো শিলা অহল্যা
পুৰুষৰ ছলনাৰ হেজাৰ বছৰৰ
সঞ্চিত ৰূপকথা হৈ,
গৌতম মুনিৰ অন্তৰ বেদনাৰ
জীৱন্ত অভিযোগ লৈ-।’
আজি শৰতৰ সুকীয়া মহিমা
গভীৰ প্ৰত্যাশাৰে ভৰা,
আকাশে বতাহে কঢ়িয়াই আনিছে
শান্তিৰ বতৰা
মানুহৰ হৃদয়ে হৃদয়ে উপচি পৰিব
শুদ্ধ মৰম সহৃদয়তা
ইযে ,জীৱনক জীপাল কৰাৰ
একমাত্র ভৰসা।

কৌশল্যা বৰা