শিশু অপহৰণ কৰা বুলি ভূৱা তথ্যৰ ভিক্তিত বাতৰি প্ৰকাশ তথাকথিত ৱেব পৰ্টেল সাংবাদিকৰ, ভেৰগাঁ‌ও আঞ্চলিক আৰছুৰ ব্যাপক প্ৰতিক্ৰিয়া

শিশু অপহৰণ কৰা বুলি ভূৱা তথ্যৰ ভিক্তিত বাতৰি প্ৰকাশ তথাকথিত ৱেব পৰ্টেল সাংবাদিকৰ, ভেৰগাঁ‌ও আঞ্চলিক আৰছুৰ ব্যাপক প্ৰতিক্ৰিয়া!!

ৰঙিলী বাৰ্ত্তাসেৱা-  বৰ্তমান সময়ৰ গোলকীয় পৰিবেশত চুচেল মিডিআ এক শক্তিশালী মাধ্যম”” যাৰ দ্বাৰাই যিকনো কথা বা ঘটনা অতি কম সময়ৰ ভিতৰত বিশ্বজুৰি বিয়পাই পেলোৱাব পাৰে। কিন্তু এচাম লোকে এই দ্ৰুত গতিৰ শক্তিশালী মাধ্যম “চুচেল মিডিআক সময়ে সময়ে অপব্যৱহাৰ কৰা দেখা গৈছে। যাৰ পৰিপেক্ষিতত বিভিন্ন সময়ত বিভিন্ন ধৰণৰ বিৰোপ প্ৰতিক্ৰিয়া প্ৰতিফলিত হোৱা দেখা যায়। সমান্তৰালকৈ যোৱা ১০ অক্টোবৰ তাৰিখে ওদালগুৰি জিলা ভেৰগাঁ‌ওতো বাক্সা জিলাৰ কেইজনমান তথাকথিত ৱেব পৰ্টেল সাংবাদিকে ভূল তথ্যৰ ভিক্তিত বাতৰি প্ৰকাশ কৰে! “যাক লৈ এতিয়া অঞ্চলটোত এক চাঞ্চল্যৰ সৃষ্টি হৈছে। উল্লেখ্য যে যোৱা ৯ অক্টোবৰ তাৰিখে মোবাইল চুৰি সন্দৰ্ভত ওদালগুৰি জিলা ভেৰগাঁ‌ও থানা অন্তৰ্গত বেটাগাঁ‌ওৰ ৰাকেশ ৰাভাই তেওঁৰে সম্পৰ্কীয় বিমল কছাৰীৰ পুত্ৰ ভাতৃপ্ৰতিম (১৪) বছৰীয়া লৰাটোক মোবাইল চুৰি সন্দৰ্ভত শুধ-পুছ কৰিবৰ বাবে দদায়েক ৰাকেশ ৰাভাই ভেৰগাঁ‌ও আঞ্চলিক আৰছু কাৰ্যালয়লৈ মাতি আনিছিল। তেনেতে লৰাজনে চুৰি কাণ্ডৰ লগত জড়িত থকা কথা চিকাৰুক্তী কৰাত দদায়েক ৰাকেশ ৰাভাসহ ভেৰগাঁ‌ও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ সভাপতি জিৱন ৰাভাই বিমল কছাৰীৰ (১৪) বছৰীয়া লৰাটোক আগলৈ যাতে এনেকুৱা অসমাজিক কাম নকৰিবলৈ দুই এটা কঠিন ভাষাৰে বুজনি দিছিল বুলি আঞ্চলিকৰ বিষয়ববীয়াৰ পৰা জানিব পৰা যায়। কিয়নো ছাত্ৰ সংগঠনৰ এটা দায়বদ্ধতা আছে কনোবা ছাত্ৰ-ছাত্ৰী বা যুৱক যুৱতিয়ে যদিহে অসমাজিক বা ভুল পথত ধাৱমান হৈ তেনেহ’লে তাক বুজনি দিয়াতো বা উচিত পথলৈ ঘূৰাই অনাটো সমাজ সেৱা সংগঠন হিচাপে ৰাভা ছাত্ৰ সংগঠনৰ কৰ্তব্য। কিন্তু তাৰে উধাহৰণ স্বৰূপ বিমল কছাৰীৰ লৰাটোৰ সুভৱিষ্যৎ চিন্তা কৰি বুজনি দিছিল। যাৰ ফল স্বৰূপে কেইজন নিচাযুক্ত মদকদ্ৰৱ্য সেৱনকাৰী লোকে ভেৰগাঁ‌ও আৰছু কাৰ্যালয়ত আহি ৰাকেশ ৰাভা সহ ভেৰগাঁ‌ও আঞ্চলিক আৰছুৰ বিষয়ববীয়াৰ লগতে ভেৰগাঁ‌ও আৰছুক মূৰ্দাবাদ ধ্বনীৰে উত্তাল কৰি তুলে। ঠিক তেনে সময়তে সময়তে সংশ্লিষ্ট ঘটনাৰ বিবৰণ নজনাকৈ বাক্সা জিলাৰ পৰা কেইজনমান তথাকথিত উৱেপ পৰ্টেলৰ সাংবাদিকে আহি এক পক্ষ ভাবে বাতৰি পৰিবেশন কৰি অঞ্চলটোক উত্তপ্ত কৰি তুলা ঘটনাই বিৰোপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। কিয়নো গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ কৰ্মিয়ে সম্প্ৰচাৰ কৰা প্ৰতিটো সংবাদ বা প্ৰতিবেদন জনসাধাৰণে চকু মুদি বিশ্বাস বা গ্ৰহণ কৰে, সেয়েহে বাতৰি প্ৰকাশ পোৱাৰ পিছত পৰিস্থিতি আৰু অধিক উত্তেজিত হৈ পৰে। কিন্তু এক লক্ষণীয় বিষয় যদি সংবাদকৰ্মী সকলে এনেদৰে ভুল তথ্যৰে বাতৰি প্ৰকাশ কৰে তেনেতে ই সমাজৰ কাৰণে বহুগুনে ভয়ানক আৰু ক্ষ্যতিকাৰক হ’ব বুলি কোৱাৰ লগতে আগলৈ এনেকুৱা ভুল বাতৰি পৰিবেশন নকৰিবলৈ সকিয়নী প্ৰদান কৰাৰ লগতে বিমল কছাৰী সহ আৰছুৰ বিষয়ববীয়াই আজি যুটিয়াভাবে ভেৰগাঁ‌ও আঞ্চলিক আৰছু কাৰ্যালয়ত যোৱা ৯ অক্টোবৰ তাৰিখে সংঘটিত হোৱা অবাঞ্চনিয় ঘটনাৰ প্ৰেছ বিবৃতি দি ভুল বসত ছাত্ৰ সংগঠনক মুৰ্দাবাদ ধ্বনি দিয়া কাৰ্যক শৰণাপন্ন হৈ উৱেপ পৰ্টেলৰ সাংবাদডাটা সকলক আগলৈ এনেধৰণৰ বাতৰি সম্প্ৰচাৰ কৰি পৰিস্থিতি উত্তেজিত নকৰিবলৈ কাতৰ আহ্বান জনাই।