জীৱন মূল্যৱান কৰো আহক – কল্পনা দত্ত

pc Pixabay

জীৱন মূল্যৱান কৰো আহক

কল্পনা দত্ত

আজিৰ ব্যস্ত পৃথিৱীত মানুহৰ সকলো থকাৰ পাছতো নিজকে অকলশৰীয়া অনুভৱ কৰে। দুখ, দুশ্চিন্তা, অৱসাদ আদিয়ে অনেক শাৰীৰিক-মানসিক ৰোগ কঢ়িয়াই আনিছে। সকলো সময়তে সৰুৰ পৰা ডাঙৰলৈ সকলো কেৱল ম’বাইল, ইণ্টাৰনেট, ফেচবুক আদিত ব্যস্ত থকা হৈছে। এইবোৰ যেন জীৱনৰ অভিন্ন অংগ হৈ পৰিছে। এইবোৰ নহ’লে যেন জীৱনটো নিৰস অনুভৱ কৰে। এইবোৰ জীৱনৰ বাবে মূল্যহীন নহয় যদিও অপৰিহাৰ্যও নহয়। কাৰণ জীৱনত প্ৰেম, ভালপোৱা, সুখ আদি এইবোৰে কঢ়িয়াই আনিব নোৱাৰে। সুৰুচিপূর্ণ জীৱন গঢ়াৰ কেইটামান দিশ-

দুখক চিৰবিদায় দিওঁ আহকঃ সকলো মানুহৰে জীৱনৰ সুখ-দুখৰ চাবি কাঠী নিজৰ হাততে থাকে। তেন্তে সমস্যা সকলো সময়তে জীৱনত ঘটা দুখবোৰৰ কথা মনত পেলোৱাতকৈ সুখবোৰ মনত পেলাব নোৱাৰো জানো ! তেনে কৰিলে মনোবল বাঢ়িব, মন পাতল হ’ব আৰু কিছুমান সমস্যা আহিলেও সমাধান কৰিবলৈ প্ৰস্তুত হ’ব পৰা যাব।

বন্ধুত্ব গঢ়কঃ বন্ধুত্ব এনে এটি মন্ত্র যাৰ দ্বাৰা গম্ভীৰ সমস্যাও পলকতে সমাধান হৈ যায়। জীৱনত এনে বন্ধুৰ সংখ্যা বঢ়াব লাগে যাৰ পৰা সুখ-দুখ সকলো সময়তে সহযোগ পোৱা যায়। সেইবাবে যিমান পাৰি সৎ আৰু সঁচা হৃদয়ৰ বন্ধুৰ সংখ্যা বঢ়াও আহক।

সম্বন্ধ অটুট বাখকঃ সম্বন্ধ বন্ধুত্বৰেই হওক বা পাৰিবাৰিকেই হওক সদায় মৰমেৰে বান্ধি ৰাখিবলৈ চেষ্টা কৰিব লাগে। সম্বন্ধত স্বার্থ থাকিব নালাগে। স্বার্থপূর্ণ সম্বন্ধ জহি-খহি যাবলৈ বেছি সময় নালাগে। সময়ে সময়ে আপোন মানুহৰ ঘৰলৈ গৈ তেওঁলোকৰ সৈতে কিছু সময় পাৰ কৰিলে ভুল বুজাবুজি নাথাকিব আৰু দূৰত্বও কমিব।

ভাষাৰ ওপৰত নিয়ন্ত্ৰণ ৰাখকঃ কথা কোৱাটো এটা কলা। কথা কোৱাৰ সময়ত ভাষাৰ ব্যৱহাৰ ভাবি-চিন্তি কৰা উচিত। শুৱলা ভাষাৰে কথা পাতিব লাগে। ‘কথাত কটা যায়, কথাত বঁটা পায়’ বুলি এষাৰ কথা আছে। কটু বাক্য এবাৰ জিভাৰ পৰা ওলোৱাৰ পাছত ওভটাই আনিব নোৱাৰি।

হাঁহিৰে জীৱন সুন্দৰ কৰো আহকঃ হাঁহি-ধেমালি কৰিব পৰা ক্ষমতা কেৱল মানুহৰহে আছে। গতিকে হাঁহিৰে জীৱন কটাব লাগে। উদাস আৰু দুখ মনে থকা ব্যক্তিৰ পৰা সকলোৱে আঁতৰি থাকি ভাল পায়। সেইবাবে কেৱল জীৱনৰ দুখৰ কথা ভাবি নাথাকি নিজেও হাঁহি আনকো হঁহুৱাবলৈ শিকিব লাগিব।

ঘৃণা আৰু শত্রুতাক প্রশ্রয় দিয়াৰ পৰা বিৰত থাককঃ কাৰোৰে প্ৰতি শত্ৰুতা আৰু ঘৃণাৰ ভাব মনত জন্মিব দিব নালাগে। এই ভাবনাবোৰৰ পৰা আনৰ ক্ষতি হোৱাতকৈ নিজৰ ক্ষতি বেছি হয়। মনত যদি নেতিবাচক ভাবে ক্ৰিয়া কৰি থাকে, তেন্তে তাৰ পৰা আমাৰ শাৰীৰিক, মানসিক ক্ষতি হয়।

অন্তৰত প্রেম, ভালপোৱা বঢ়াওকঃ সকলো জীৱ-জন্তু, চৰাই-চিৰিকটিৰ প্ৰতি প্ৰেমৰ ভাব বঢ়াই তোলক, দেখিব আপোনাৰ মন-প্ৰাণ প্রফুল্লিত হৈ উঠিছে। প্ৰেমৰ ভাষা সকলো প্ৰাণীয়ে বুজি পায়। গতিকে সকলোৰে প্রতি প্রেমভাব ৰাখি জীৱনটো সার্থক কৰি তোলক।

ক্রোধ সম্বৰণ কৰো আহকঃ ক্রোধে মানুহৰ ভাবিৰ পৰা ক্ষমতা নোহোৱা কৰি পেলায়। যাৰ ওপৰতে খং নুঠক কিয় তেওঁৰ ওচৰৰ পৰা আঁতৰি গৈ অন্য কামত ব্যস্ত হ’লে খঙে অন্যায় কৰিব নোৱাৰে।

পৰিৱৰ্তনক স্বাগতম জনাওকঃ পৰিৱৰ্তন প্ৰকৃতিৰ নিয়ম। যদি সময়ৰ লগে লগে পৰিৱৰ্তন নাহে জীৱন নিৰস হৈ পৰিব। পৰিৱৰ্তনৰ লগত সহবাস কৰি চলা মানুহে জীৱনত কেতিয়াও দুখী হ’ব লগা নহয়।