কাগজ কল দুটাৰ প্ৰায় ছয় শতাধিক ঠিকাদাৰ প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত

Pc- The janambhumi

কাগজ কল দুটাৰ প্ৰায় ছয় শতাধিক ঠিকাদাৰ প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত

ৰঙিলী বাৰ্ত্তাসেৱা – হিন্দুস্তান কাগজ কল আৰু কাছাৰ কাগজ কলৰ লগত জড়িত দুইলাখ লোক, বিভিন্ন পৰ্যায়ৰ শ্ৰমিক কৰ্মচাৰী ক্ষতিগ্ৰস্ত হৈছে ৷ এই মন্তব্য নগাঁও কাগজ কলৰ ঠিকাদাৰ সন্হাৰ ৷ এক প্ৰেছ বিবৃতি যোগে কয়-

ৰাষ্ট্ৰীয় কোম্পানী ল’ ট্ৰিব্যুনালত বিচাৰধীন হৈ আছে ৷৬৫৪জন ঠিকাদাৰ জড়িত হৈ আছিল কাগজ কল দুটাত ৷ বাহঁ খেতিয়ক যথেষ্ট অধিক লোক জড়িত হৈ পৰিছিল৷ ২০১৬ চনৰ পৰা দৰমহা বন্ধ হৈ আছিল ৷ ৪৪০ কোটি টকা পাবলৈ আছে ঠিকাদাৰ আৰু আন আন বিভাগৰ শ্ৰমিক কৰ্মচাৰী সকলে ৷বাঁহ যোগানৰ ক্ষেত্ৰতো একাংশই কেলেংকাৰীত জড়িত হৈ আছে৷দহ বাৰটা বিভাগৰ পাছত হে এখন গাড়ী যাব পাৰে ৷বাঁহ কেলেংকাৰী সন্দৰ্ভত চি বি আই দুটা গোচৰৰ ৰুজু কৰি তদন্ত চলাই আছে ৷এছিয়া বৃহৎ উদ্যোগ আছিল নগাঁও কাগজ কল ৷ মেঘালয় নাগালেণ্ডকে ধৰি তিনিটা প্ৰতিষ্ঠান চলাব লগীয়া হোৱা বাবে বন্ধ হৈ পৰে ৷মুখ্যমন্ত্ৰীয়ে যিদৰে কৰ্মচাৰী সকলৰ বাবে ব্যৱস্থা কৰি দিছে ৷ ঠিকাদাৰ সকলৰ বাবেও এটা ব্যৱস্থা কৰিবলৈ সন্হাই আহ্বান জনায়।