জাৰ্মানীৰ বেঞ্জামিন লিষ্ট আৰু আমেৰিকাৰ বিজ্ঞানী ডেভিদ মেকমিলানলৈ আগবঢ়োৱা হৈছে ২০২১ বৰ্ষৰ ৰাসায়নৰ ন’বেল বঁটা

pc Daily Bangladesh

জাৰ্মানীৰ বেঞ্জামিন লিষ্ট আৰু আমেৰিকাৰ বিজ্ঞানী ডেভিদ মেকমিলানলৈ আগবঢ়োৱা হৈছে ২০২১ বৰ্ষৰ ৰাসায়নৰ ন’বেল বঁটা

অনলািন বাৰ্ত্তাসেৱা – জাৰ্মানীৰ বেঞ্জামিন লিষ্ট আৰু আমেৰিকাৰ বিজ্ঞানী ডেভিদ মেকমিলানলৈ আগবঢ়োৱা হৈছে ২০২১ বৰ্ষৰ ৰাসায়নৰ ন’বেল বঁটা। ৰয়েল ছুইডিছ একাডেমী অৱ ছায়েন্সে ঘোষণা কৰা অনুসৰি, অণু গঠনৰ কাৰণে দক্ষ নতুন সঁজুলি ‘অৰ্গেনোকটেলাইছিছ’ বিকাশৰ বাবে জাৰ্মানীৰ বেঞ্জামিন লিষ্ট আৰু গ্রেট ব্রিটেইনত জন্মগ্রহণ কৰি আমেৰিকাত থকা বিজ্ঞানী ডেভিদ মেকমিলানলৈ ২০২১ বৰ্ষৰ ন’বেল বঁটা আগবঢ়োৱা হয়। নতুন ঔষধ আৰু ফার্মাচিউটিকেল গৱেষণাত সহায়ক হোৱা অণু গঠনৰ এই নতুন সঁজুলি উদ্ভাৱনৰ বাবে জাৰ্মানীৰ বিজ্ঞানী লিষ্ট আৰু আমেৰিকাৰ বিজ্ঞানী মেকমিলানক যুটীয়াভাৱে ৰসায়নৰ ন’বেল আগবঢ়োৱা হৈছে। ন’বেল বঁটাৰ ধন ১০ ছুইডিছ ক্ৰ’নৰ (ভাৰতীয় মুদ্ৰাৰ হিচাপত ৮.৫ কোটি টকা) দুয়ো বিজ্ঞানীক সমানে ভগাই দিয়া হ’ব। তৃতীয় প্ৰকাৰৰ কেটেলাইছিছ, যাক এচিমেট্রিক অর্গেনোকটেলাইছিছ হিচাপে বিকশিত কৰা বিজ্ঞানী দুগৰাকীৰ এই উদ্ভাৱনে ক্ষুদ্ৰ জৈৱ অণু গঠন কৰিব পাৰে। জাৰ্মানীৰ ফেংকফুটত ১৯৬৮ চনত জন্মগ্ৰহণ কৰা বেঞ্জামিন লিষ্টে জাৰ্মানীৰ গেটে বিশ্ববিদ্যালয়ৰ পৰা ১৯৯৭ চনত পি এইচ ডি লাভ কৰে। বৰ্তমান জাৰ্মানীৰ মেক্সপ্লেংক ইনষ্টিটিউটৰ অধ্যাপক লিষ্ট। আনহাতে, আনগৰাকী ৰসায়ন বিজ্ঞানৰ ন’বেল প্রাপক ডেভিদ ডব্লিউচি মেকমিলান ১৯৬৮ চনত গ্রেট ব্ৰিটেইনৰ বেলছিলত জন্মগ্রহণ কৰে। কেলিফর্নিয়া বিশ্ববিদ্যালয়ৰ পৰা ১৯৯৬ চনত পি এইচ ডি লাভ কৰা ডেভিদ মেকমিলান বর্তমান আমেৰিকা যুক্তৰাষ্ট্রৰ প্রিন্সটন বিশ্ববিদ্যালয়ৰ অধ্যাপক।