পূৱালীৰ কিৰণ – সংগীতা মাইনা ডেকা, ৰঙিয়া

pc wallpaperflare

পূৱালীৰ কিৰণ ~~

✍️ সংগীতা মাইনা ডেকা, ৰঙিয়া

হৃদয়ৰ যাত্ৰা আছিল…
কিন্তু তুমি ৰৈ দিলা হি ।
আৰু মই…!

মই এতিয়া উভতি নাচাওঁ পিছলৈ
গৈ থাকিম নিৰৱে
শুকান সৰাপাতবোৰ
বুটলি বুটলি ।

শব্দাকাশত পল্লৱিত নিৰ্জ্জু সত্ত্বাক
আকাৰ দিম নীলিম আল্পনাৰে…
বালিঘৰ নহয় শব্দৰ ঘৰ হে সাজিম
উশাহ সমূদ্ৰৰ পাৰত ।

প্ৰাণৰ ঢৌবোৰে আহি তৰংগ তুলিব,
কাব্য ধৰাত ।
আৰু মই…!
পুণৰ যাত্ৰা আৰম্ভ কৰিম
কলমৰ সৈতে ।
কিন্তু তুমি অবিহনেই….!