বলিউড অভিনেতা শ্বাহৰুখ খানৰ পুত্ৰ ড্ৰাগছ পাৰ্টীত অংশগ্ৰহণৰ বাবে গ্ৰেপ্তাৰ
অনলাইন বাৰ্ত্তাসেৱা- ড্ৰাগ্ছ পাৰ্টীয়ে বলীউডত পুনৰ জোকাৰণি তুলিছে। ড্ৰাগছ পাৰ্টীত অংশগ্ৰহণৰ অভিযোগত বলীউডৰ অভিনেতা শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানক গ্ৰেপ্তাৰ কৰা হৈছে। নিশা মুম্বাইৰ পৰা গোৱা অভিমুখে এক ক্রুইজ জাহাজত যাত্ৰা কৰিছিল আৰিয়ানসহ এদল তৰুণ। এই জাহাজখনতেই ড্ৰাগ্ছ পাৰ্টী চলিছিল মাজ সমুদ্রত।(এন চি বি) ৰ বিষয়ববীয়াই তাৰ পৰাই আৰিয়ানসহ ৮জনক আটক কৰে। ১৬ ঘণ্টা ধৰি এন চি বিৰ বিষয়ববীয়াই জেৰা কৰাৰ পাছত আৰিয়ানক গ্ৰেপ্তাৰ কৰা হয়।আৰিয়ানে এন চি বিৰ বিষয়ববীয়াৰ আগত ড্ৰাগ্ছ সেৱন কৰাৰ কথা স্বীকাৰো কৰিছে৷ অৱশ্যে ইয়াৰ পূৰ্বে কেতিয়াও ড্ৰাগ্ছ সেৱন কৰা নাছিল বুলি এন চি বিৰ বিষয়ববীয়াৰ আগত উল্লেখ কৰিছে আৰিয়ান খানে। গ্ৰেপ্তাৰৰ পাছতেই আৰিয়ানসহ তিনিজনক স্বাস্থ্য পৰীক্ষাৰ বাবে জে জে হাস্পতাললৈ প্ৰেৰণ কৰে এন চি বিয়ে। এন চি বিৰ সূত্ৰই সদৰী কৰা অনুসৰি জাহাজখনত কাপোৰৰ বেগত লুকুৱাই ৰখা হৈছিল ড্ৰাগ্ছ। আৰিয়ানৰ সৈতে গ্ৰেপ্তাৰ কৰা হৈছে মুনমুন ধমেছা আৰু আৰবাজ মাৰ্চেণ্টক। ইফালে ইস্মিত সিং, মোহক জয়ছোৱাল, বিক্ৰম চোকাৰ, গোমিট ছোপ্রাসহ অন্য ৫জনক আটক কৰি জেৰা অব্যাহত ৰাখিছে এন চি বিয়ে। এন চি বিৰ সূত্ৰই সদৰী কৰা অনুসৰি শনিবাৰে নিশা ড্ৰাগ্ছ পাৰ্টীত আটক হোৱা প্ৰত্যেকেই উপস্থিত আছিল।