বিশিষ্ট সাহিত্যিক তথা সাংবাদিক  কনকসেন ডেকালৈ  ‘জীৱনজোৰা সাধনাʼ বঁটা

pc- Northeast Now

বিশিষ্ট সাহিত্যিক তথা সাংবাদিক  কনকসেন ডেকালৈ  ‘জীৱনজোৰা সাধনাʼ বঁটা

অনলাইন বাৰ্ত্তাসেৱা-  বিশিষ্ট সাহিত্যিক-সাংবাদিক কনকসেন ডেকালৈ চলিত বৰ্ষৰ দিছপুৰ প্ৰেছ ক্লাবৰ ‘জীৱনজোৰা সাধনা বঁটা’ প্রদান কৰা হৈছে। দিছপুৰ প্ৰেছ ক্লাবৰ ২০২১ বৰ্ষৰ বঁটাসমূহ প্ৰদান কৰা হয়। ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰলৈ বিভিন্ন শিতানত উল্লেখনীয় অৱদান আগবঢ়োৱা নিৰ্বাচিত ১৯জন বিশিষ্ট ব্যক্তিক এই বঁটা প্ৰদান কৰা হয়।দিছপুৰস্থিত লোকনিৰ্মাণ বিভাগৰ সভাকক্ষত আয়োজিত এই বঁটা প্ৰদান অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকে কৃষিমন্ত্রী অতুল বৰা, মুখ্য তথ্য আয়ুক্ত এ পি ৰাৱৰ্ট, অসম সত্ৰ মহাসভাৰ প্ৰধান সম্পাদক কুসুম কুমাৰ মহন্ত, লেখক বৈকুণ্ঠনাথ গোস্বামী আদিয়ে।